শুক্ৰবাৰৰ পৰা ঘৰতে শাক পাচলি পাব -মুখ্যমন্ত্ৰী

0 306

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে।যোৰহাট আৰু মাজুলী জিলাত ক’ৰণাক সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে এখন বৈঠকত মিলিত হয়।
 
 
যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাগৃহত অনুষ্ঠিত এই বৈঠকখনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ২১দিনৰ বাবে প্ৰধান মন্ত্ৰীয়ে যি লক ডাউন ঘোষণা কৰিছে ,সেয়া সফল কৰি তুলিব লাগিব ।ক’ৰণা ভাইৰাছৰ এতিয়ালৈকে ঔষধ ওলোৱা নাই ।সেয়েহে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰত থাকক।শুক্ৰবাৰৰ পৰা ঘৰতে  শাক পাচলি  পাব পৰা ব্যৱস্থা হ’ব।চৰকাৰী নীতি নিয়ম উলংঘা কৰিলে সমাজৰ স্বাৰ্থত ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুুুুুখ্যমন্ত্ৰী গৰাকীয়ে  মন্তব্য কৰে।আজিৰ বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক বিমল বৰা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.