শ্বহীদ কৰম সিং জনমভূমি বঁটা প্ৰদান

0 256

বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি আৰু গণশিল্পী সূৰ্য দাসক আজি শ্বহীদ কৰম সিংহ জনমভূমি বঁটা ২০১৯ প্ৰথম বাৰৰ বাবে প্ৰদান কৰে। আজি নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শ্বহীদ কৰম সিংহ ন্যাস অসমে আগবঢ়োৱা এই বঁটা গ্ৰহণ কৰি গণশিল্পী সূৰ্য দাসে আবেগিক হৈ কয় যে – অসমীয়া ৰাইজে যোগ্য জনক সন্মান দিব নেজানে। আজি বৰকলাৰ অসম আন্দোলনৰ শ্বহীদ কৰম সিংহৰ নামেৰে আমাক যি সন্মান জনালে মই সচাকৈ আবেগিক হৈ পৰিছো। মোৰ ভাৱ হৈছে মই চাগে অসমৰ মানুহখিনি, মোৰ মৰমৰ মানুহখিনিৰ হৈ কিবা কৰিছিলো। মই অতি নি:কিন অভাজন। অসমখনক বৰ ভাল পাওঁ। অসমীয়া মানুহখিনিক বৰ ভাল পাওঁ। মোৰ অসমৰ মানুহখিনিয়ে সদায় আন্দোলন কৰি কৰি অধিকাৰ সাব্যস্ত কৰাটো কম দুখৰ কথা নহয়। বঁটা গ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদ, সু-সাহিত্যিক হোমেন বৰগোহাঞিয়ে শিখ সম্প্ৰদায়ৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে আৰু শ্বহীদ কৰম সিংহৰ জাতীয়তাবোধৰ আদৰ্শেৰে অসমৰ শিখ সমাজক আগবাঢ়ি যাবলৈ আহ্বান জনায়। সংখ্যাত কম হ’লেও পিছপৰি নাথাকি অসমৰ বাৰেৰহণীয়া ভাষা, সংস্কৃতিৰ লগত নিজকে সংপৃক্ত হৈ বৃহৎ অসমীয়া হিচাপে পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায়। কবি, আৰক্ষী বিষয়া শ্বহীদ কৰম সিংহ ন্যাসৰ উপদেষ্টা ড° নন্দ সিং বৰকলাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত গৱেষক, পণ্ডিত ড°নৰেন কলিতাই বিশিষ্ট অতিথি আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।এই বঁটাত নগদ ৫০ হেজাৰ টকা, সম্বৰ্দ্ধনা পত্র, গামোছা, শৰাই, স্মাৰক আৰু অংগবস্ত্র দিয়া হয়।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.