শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্য নতুন নিযুক্তি

0 229

ৰাজ্যৰ উচ্চশিক্ষাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই কয় যে বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাৰ ঠাইত নতুন উপাচাৰ্য হিচাপে ড° হিতেশ ডেকাক নিযুক্তি দিয়া হ’ব। উল্লেখযোগ্য যে যোৱা ৯জুন অৰ্থাৎ মঙলবাৰে পূৰ্বৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাৰ কাৰ্যকালৰ অন্ত পৰিছে।১০জুন অৰ্থাৎ আজি বিশ্ববিদ্যালয়খনৰ সপ্তম প্ৰতিষ্ঠা দিৱস। আজিৰ অনুষ্ঠানতে উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ড° হিতেশ ডেকাই।

Leave A Reply

Your email address will not be published.