সখী এক আশাৰ ৰেঙনি প্ৰকল্প মুকলি

0 262

শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ মুখ্য পৃষ্ঠপোষকতাত শিৱসাগৰ জিলা প্ৰশাসনে অ’এন জি চি ৰ সহযোগত আজি ২৮ আগষ্টত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত কিশোৰী সকলৰ স্বাৰ্থত আনুষ্ঠানিকভাৱে “সখী, এক আশাৰ ৰেঙনি “নামৰ এক প্ৰকল্প শুভ উন্মোচন কৰে। উক্ত অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ, তেল আৰু প্ৰাকৃতিক গেছ নিগম(অ’এন জি চি) ৰ কাৰ্য্যবাহী সঞ্চালক এছ ডি মাস্কে, “ইউনিছেফ” ৰ অসমৰ ক্ষেত্ৰ বিষয়া ডঃ তুষাৰ ৰানা, “ইউনিছেফ” ৰ বিশেষজ্ঞ চৈয়দা পাটনায়ক, শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, উন্নয়ন আয়ুক্ত অভিজিত বৰুৱা, শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া শেৱালী বৰদলৈ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্ত, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষা দীপালী নেওগ আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি কিশোৰী সকলৰ স্বাৰ্থত উক্ত প্ৰকল্পটো কাৰ্য্যকৰী কৰিবলৈ লোৱাৰ বাবে উপায়ুক্তক শলাগ জ্ঞাপন কৰে।

আৰম্ভণিতে শিৱসাগৰ জিলাৰ শিশু আৰু কিশোৰ – কিশোৰী কোষৰ সমন্বয়ক সন্ধানী গগৈয়ে অনুষ্ঠান টোৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে “সখী, এক আশাৰ ৰেঙনি” প্ৰকল্প টোৰ বিষয়ে আলোকপাত কৰে। উক্ত অনুষ্ঠানত প্ৰাচীৰ পত্ৰিকা আৰু বাতৰি কাকত “মুক্ত আকাশ” শুভ উন্মোচন কৰি অনুষ্ঠান টোৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ পাছত পানবেচাৰ কিশোৰী সকলে দিহানাম পৰিবেশন কৰে। অনুষ্ঠানৰ শেষত কিশোৰী সকলে “ঋতুমতী আৰু তোলনী বিয়া” সম্পৰ্কে নাট প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি কাৰে। অনুষ্ঠানটোৰ সমান্তৰালভাৱে আজি একেদিনাই একে সময়তে শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “সখী একে আশাৰ ৰেঙনি” আঁচনি খন শুভ উন্মোচন কৰে।

উল্লেখযোগ্য যে কিশোৰী সকলে পুষ্পিতা তথা ঋতুমতী হোৱাৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু এই ক্ষেত্রত উদ্ভৱ হোৱা কিছুমান অন্ধবিশ্বাস দূৰীকৰণ আৰু সজাগ হোৱাৰ বাবে “সখী এক আশাৰ ৰেঙনি” প্ৰকল্পটো শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে। জানিব পৰা মতে কিশোৰী সকলৰ স্বাৰ্থত গ্ৰহণ কৰা এই প্ৰকল্পটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম প্ৰকল্প।

 
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.