অভিলেখ গঢ়িলে ইকৰাবাৰী ফাৰ্মে

0 275

অসমৰ ভিতৰত সৰ্বাধিক কণী উৎপাদন হয় বঙাইগাঁও জিলাৰ ইকৰাবাৰী ফাৰ্মত। প্ৰতিদিনে ৪০ হাজাৰ কুকুৰাৰ কণী উৎপাদন হয়। এই মন্তব্য বঙাইগাঁও জিলাৰ ইকৰাবাৰী ফাৰ্মৰ মেনেজাৰৰ। জানিব পৰা মতে এই বিশেষ ফাৰ্ম খনৰ পৰা বঙাইগাঁও, গোৱালপাৰা, বৰপেটালৈ সৰ্বাধিক কণীৰ যোগান হয়। এই সম্পৰ্কত ফাৰ্মখনৰ মেনেজাৰে কয় যে হাইদৰাবাদত শিকি অহা বিজ্ঞান সন্মত পদ্ধতি ফাৰ্ম খনত প্ৰয়োগ কৰিছে। সেয়েহে সৰ্বাধিক হাৰত কণী উৎপাদন কৰিব সক্ষম হৈছে। কুকুৰা পালনৰ এই বিশেষ পদ্ধতি গ্ৰহণ কৰা ফাৰ্ম খনৰ গৰাকী হ’ল অতুল ঘোষ। বৰ্তমান ফাৰ্ম খনত ৪০ হাজাৰৰো অধিক কুকুৰা আছে। যি সময়ত প্লাষ্টিকৰ কণীৰ ভয়াবহতাই জনসাধাৰণক জুৰুলা কৰিছে, তেনে সময়তে ইকৰাবাৰীৰ ফাৰ্মখনে আশাৰ বতৰা কঢ়িয়াই আনিছে।

Leave A Reply

Your email address will not be published.