এয়াৰ ক্ৰাফটত বহিলে সকলো পাহৰি যাও

0 298

অসমৰ দ্বিতীয় গৰাকী কমাৰ্চিয়েল মহিলা পাইলট অভিক্সা কাশ্যপ। বহু ঘাট প্ৰতিঘাট কষ্টৰ মাজেৰে অভিক্সাই পাইলট হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল। আহকচোন জানো এগৰাকী পাইলট হ’বলৈ কেনে ধৰণৰ গুণৰ প্ৰয়োজন হয়- এগৰাকী পাইলট হ’বলৈ হ’লে কামটোৰ প্ৰতি শ্ৰদ্ধাশীল, কৰ্তব্যপৰায়ণ হ’ব লাগিব। ধৈৰ্য্য থাকিব লাগিব। শুকুলা ডাৱৰৰ মাজে মাজে ঘূৰি ফুৰা পাইলটৰ জীৱনবোৰ খুবেই বিপদ সংকুল। হঠাৎ হোৱা সিদ্ধান্তই জীৱনলৈ অমানিশা নমাই আনিব পাৰে। সেয়ে সচেতনহৈ থাকিব লাগে। এই মন্তব্য অভিক্সা কাশ্যপৰ। গুৱাহাটীৰ বেলতলাৰ জীয়াৰী অভিক্সাই বৰ্তমান দিল্লীত পাইলট প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আচলতে অভিক্সাই তেওঁৰ স্বামীৰ পৰা অনুপ্ৰাণিত হৈ পাইলট হ’বলৈ মন মেলে। এইক্ষেত্ৰত অভিক্সাৰ মাকে যথেষ্ট সহযোগিতা আগবঢ়াইছিল। সকলো সময়তে নিজকে ব্যস্ত ৰাখি ভাল পোৱা অভিক্সাই এসময়ত মডেলিং, অভিনয়,আৰু বেংকিং ক্ষেত্ৰত কৰ্মৰত আছিল। বহু কষ্ট আৰু সংগ্ৰামৰে তেওঁ এই পৰ্য্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। সেয়ে অভিক্সাই কয় যে যি কামেই নকৰক কিয় কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় খুবেই প্ৰয়োজন। তাৰ সমান্তৰাল কৈ ফিটনেছ মেনণ্টেইন কৰা অন্যতম। বিমানত ভৰি থোৱাৰ লগে লগে সকলো পাহৰি বিমানৰ কামত মনোনিয়োগ কৰো।


প্রিয় পাঠক অসমৰ সু সন্তান অভিক্সাৰ সৈতে হোৱা কথোপকথনৰ কিছু অংশ এনেদৰে অসম্পাদিত ৰূপত আগবঢ়ালো। আশা কৰো ইয়াৰ পৰা কিছু পৰিমানে উপকৃত হ’ব।
 

Leave A Reply

Your email address will not be published.