সঠিক বাটেৰে শুদ্ধ চিন্তা

0 258

ধান টোৱে প্ৰতি কণটো মানুহ টোৱে প্ৰতি মনটো। আপ্ত বাক্য ফাঁকি আমাৰ সমাজত অতীজৰে পৰা চলি আহিছে। বৰ্তমান সময়ত যান্ত্ৰিকতাৰ যুগত আমি কেৱল যান্ত্ৰিক হৈ পৰিছো। আমি প্ৰায় সংখ্যক মানুহে হেৰুৱাইছো সমাজৰ হৈ কিবা এটা কৰাৰ প্ৰৱণতা। কিন্তু কিছুমান মানুহৰ সুস্থ আৰু শুদ্ধ চিন্তাই আমাক আন জীৱতকৈ পৃথক কৰি ৰাখিছে। তেনে সুস্থ চিন্তাৰে ২০১৫ চনৰ ৭ জুনত সামাজিক মাধ্যম হোৱাট্‌চ এপৰ জৰিয়তে গঠন হোৱা এটা গোট হৈছে শুদ্ধ চিন্তা।

য’ত আলোচনা কৰা হয় ইতিবাচক চিন্তাৰ। সাধাৰণতে সামাজিক মাধ্যমৰ বেচিভাগ গোটতে ভাতখোৱা, পাৰ্টি কৰা আলোচনাৰ পৰা আতৰি থাকি সমাজৰ হৈ কিবা এটা কৰাৰ চিন্তাৰে দুলীয়াজান ৰুপল নাথৰ প্ৰচেষ্টাত জন্ম লাভ কৰা শুদ্ধ চিন্তা নামৰ গোট টোৱে প্ৰায় দুবছৰ সম্পূৰ্ণ কৰিলে। ইতিপূৰ্বে গ্ৰুপটোত হোৱা আলোচনাৰ ভিত্তিত এখন গ্ৰন্থ প্ৰকাশ পাইছে।

ইয়াৰ ওপৰিও তেওঁলোকে বিভিন্ন স্কুল প্ৰতিষ্ঠানত ছাত্ৰ -ছাত্ৰী ৰ মাজত চিত্ৰাংকণ, ৰাভা সংগীত, জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ভৱিষ্যতলৈও অসমৰ আৰ্থসামাজিক উন্নয়নৰ হকে কাম কৰি যাব। শুদ্ধচিন্তাৰ এই যাত্ৰা সফল হওক, আমি শুভকামনা জনালো।

Leave A Reply

Your email address will not be published.