২২ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে নামনি অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয়ত ন পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ সতীৰ্থ সন্মিলনখন অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বিপ্লৱ হাউলীয়ে। বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপ্ত হোৱাৰ লগে লগে ন পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হৈ হয় ।শিক্ষাগুৰুসকলৰ লগতে অভিভাৱকসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত কেবাগৰাকী প্ৰাক্তন ছাত্ৰই তেওঁলোকৰ বহুমূলীয়া বক্তব্যৰ যোগেদি বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলক নিজৰ নিজৰ অধ্যয়নত মনোনিবেশ কৰাৰ লগতে সমাজৰ প্ৰতিও দায়বদ্ব হ’বলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ নকৈ জন্ম গ্ৰহণ কৰা প্ৰাক্তন সন্মিলনী সংস্হাৰ সন্মানীয় সভাপতি তথা প্ৰাক্তন ছাত্ৰ মৃদুল কুমাৰ বৰ্মন, উপ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃছলমান খান, শিক্ষক গগন দাস, সাধাৰণ সম্পাদক তথা চিকিৎসক শ্বামিম আহমেদ, সহকাৰী সম্পাদক তথা অধিবক্তা মোবাৰক হুছেইন, বিশিষ্ট চিকিৎসক ডাঃ আব্দুল বাতিন প্ৰমুখ্যে আন আন ছাত্ৰ-ছাত্ৰীয়ে। ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰা নামনি অসমৰ এক অগ্ৰণী শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয়ে ২০২০ চনত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব।সেয়ে সন্মিলনখনত আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৰূপালী জয়ন্তীৰ বিষয়েও আলোচনা হয় আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে সম্পূৰ্ণ ৰূপে সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে সকলোৰে উপস্থিতিত উক্ত সভাতেই প্ৰাক্তন ছাত্ৰ তথা সন্মিলনী সংস্হাৰ সহকাৰী সম্পাদক মোবাৰক হুছেইনৰ দ্বাৰা পৰিকল্পনা আৰু অংকন কৰা ছাত্ৰ সন্মিলনীৰ প্ৰতীক চিহ্নও উন্মোচন কৰা হয়। সভাৰ শেষত বিদ্যালয় কৰ্তৃপক্ষই সকলোৰে বাবে দুপৰীয়া আহাৰ গ্ৰহণৰো ব্যৱস্থা কৰে। পিছত ন পুৰণি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত ক্ৰিকেট, ভলীবলকে আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালিও অনুষ্ঠিত হৈ যায়।সদৌ শেষত সকলোৱে মিলি জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি অনুষ্ঠানটিৰ সফল পৰিসমাপ্তি ঘটায় বুলি প্ৰাক্তন ছাত্ৰ নাজিমুল হকে জানিবলৈ দিয়ে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী