সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ  সভা – ঢকুৱাখনা মহকুমা সমিতি গঠন 

0 310

ৰাজ্যখনৰ এটা নৃগোষ্ঠীয় ভূমিপুত্ৰ হৈ বৃহত্তৰ অসমীয়া জাতি গঠনত বৰণ্য অৱদান আগবঢ়াই অহা  অনুসূচীত জাতিৰ  জনসাধাৰণ সৰ্বদিশত উপেক্ষিত অৱহেলিত।চৰকাৰী ভাৱে যুগ যুগ ধৰি  বঞ্চিত প্ৰতাৰিত হৈ একবিংশ শতিকাৰ যুগত দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিছে অনুসূচীত জাতিৰ  জনসাধাৰণে। ইয়াৰ মূলতে হ`ল নৃগোষ্ঠীটোৰ  মাজত উপলব্ধ সমন্বয়হীনতা।বৰেণ্য ইতিহাস বিশিষ্ট এটা জাতিৰ মাজত দেখা দিয়া সু সংঘবদ্ধতা আৰু সমন্বয়তাৰ অভাৱৰ বাবে কৈৱৰ্ত সকল আজি যুগে যুগে অনাদৃত।সদৌ লখিমপুৰ জিলা কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি তিলক দাসে বুধবাৰে ঢকুৱাখনাত এই মন্তব্য কৰে।স্বগোষ্ঠীয় আৰ্থ সামাজিক ,সাংস্কৃতিক ,শৈক্ষিক উত্তৰণ স্বাৰ্থত সংগ্ৰামী ধাৰাবাহিকতা অব্যাহত ৰখা সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত এই মন্তব্য কৰে দাসে।  
বিশিষ্ট সমাজকৰ্মী  পবিত্ৰ ভৰালীৰ  সভাপতিত্বত ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা অনুসূচীত জাতি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত  ৰাজহুৱা সভাখনত অংশ গ্ৰহণ কৰি  দাসে  কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনক অনুসূচীত জাতিৰ এটা সন্তান বুলি অভিহিত কৰে। অনুসূচীত  জাতিৰ ৰাইজ লাঞ্ছিত শোষিত  প্ৰতাৰিত হোৱাৰ বাবেই এই ছাত্ৰ সংগঠনৰ জন্ম  বুলি মন্তব্য কৰি  এটা দশক গৰকা এই  যুৱ ছাত্ৰ সন্মিলনে স্বজাতিৰ নাৰ্য প্ৰাপ্য আদায়ৰ  বাবে  মাত মাতি আহিছে  আৰু ভৱিষ্যতলৈ জাতীয় দায়িত্ব বহন কৰি যাব বুলি কয়। অনুসূচীত জাতিৰ নাৰ্য প্ৰাপ্য আমাক লাগিবই বুলি কৈ দাসে ৰাজনৈতিক দল সমূহে  নিৰ্বাচনৰ সময়ত কেৱল ভোটৰ বাবে  অনুসূচীত জাতিৰ ভোটাৰক ব্যৱহাৰ কৰি গলে নহ`ব বুলি কৈ এই  ভোট শক্তিৰে গৈ দিল্লী দিছ্পুৰৰ মচনদ দথল কৰি পাছত কৈৱৰ্ত সকলক পাহৰা সকলেই  কৈৱৰ্ত সকলৰ  প্ৰধান শত্ৰু বুলি কয়। সভাত উপস্থিত বিশিষ্টা মহিলা  মিনু দাসে স্বজাতিৰ ৰাইজ ঐক্যবদ্ধ নোহোৱাৰ বাবেই অনুসূচীত জাতিৰ ৰাইজ  প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাত  দীৰ্ঘ দিন ধৰি ব্যৰ্থ হৈছে বুলি কয় । অনুসূচীত জাতিৰ ৰাইজ  সু সংঘবদ্ধ নহলে  জাতীয় প্ৰাপ্য লাভত প্ৰতিবন্ধকতা আহি পৰিব বুলি মত ব্যক্ত কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত নকৰি যোগ্যজনে চৰকাৰী সাহায্য লাভ কৰা ,সতী ৰাধিকা দিৱসৰ দিনটো চৰকাৰী বন্ধ ঘোষণা কৰা , সতী গৰাকীৰ নামত এটা  চৰকাৰী বঁটা ঘোষণা কৰা আদি সন্দৰ্ভত জাতীয় সংগঠন সমূহে ঐক্যবদ্ধ ভাবে মাত মতাৰ আহ্বান জনায় আৰু  প্ৰাপ্য আদায়ৰ বাবে সকলোৱে হাতে হাতে ধৰি  একত্ৰিত হৈ  আগুৱাই যোৱাৰ আহ্বান জনায়।  সভাত সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক গৌৰী শংকৰ দাস  ,কুল নাথ দাস ,ভব হাজৰিকা ,ভৰত দাস আদিয়েও  বক্তব্য ৰাখে । সভাতেই  মনোৰঞ্জন দাসক সভাপতি , গোলাপ দাস , অচ্যুত দাস, ভূপেন দাসক উপ সভাপতি,  শ্যামন্ত হাজৰিকাক সাধাৰণ সম্পাদক ,ৰমেন দাস, বিপুল হাজৰিকা, যুগল দাসক সহকাৰী সাধাৰণ সম্পাদক , দিগন্ত দাসক বিত্ত সম্পাদক  ,বিষ্ণু দাসক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখন ১৫ জনীয়া  কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ মহকুমা সমিতিখন সৰ্বসন্মতি ক্ৰমে গঠন কৰা হয়। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.