সদৌ অসম ভাৰাত্তোলন প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদকৰে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অংশুৰাজ দত্ত আৰু জোনালী বড়ো গগৈয়ে

0 211

তেজপুৰত অনুষ্ঠিত হোৱা সদৌ অসম ভাৰাত্তোলন প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদকৰে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অংশুৰাজ দত্ত আৰু জোনালী বড়ো গগৈয়ে।

যোৰহাট জিলাৰ হৈ ভাৰাত্তোলন ৫৩ কেজিৰ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াই অংশুৰাজ দত্তই জুনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । আনহাতে জোনালী বড়ো গগৈয়ে চিনিয়ৰ ৬৩ কেজিৰ শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।

৫০ সংখ্যক সদৌ অসম ভাৰাত্তোলন প্ৰতিযোগিতাত পদক অৰ্জন কৰা পিছতে দুয়ো গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভাৰাত্তোলনৰ বাবে নিৰ্বাচিত হৈছে বুলি জানিব দিয়ে । খেলুৱৈ দুগৰাকী এই সফলতা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক মানসজ্যোতি শইকীয়াৰ লগতে তিতাবৰৰ বিশিষ্ট ব্যৱসায়ী অৰূপ দত্ত, অমৰজিত সিং ৰাজপুত, নিকু শৰ্মা আৰু স্বয়ম মোডীয়ে উষ্ম আদৰণিৰে সম্বৰ্ধনা জনায়।

Leave A Reply

Your email address will not be published.