ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফিত অসম দৃষ্টিহীন ক্ৰিকেট দলে অংশগ্ৰহণ কৰে । ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বত যোৱা অসম দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰেলৱেৰ বিৰুদ্ধে ১৭ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৭২ ৰাণ কৰে যদিও ৰেলৱে দলটো ৭ উইকেটত বিজয়ী হয় । অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে সৰ্বাধিক ৫৮ ৰাণৰ বৰঙণি আগবঢ়ায় । অসম দলটো দ্বিতীয় দিনৰ খেলত চণ্ডিগড়ৰ বিৰুদ্ধে ৯ উইকেটত পৰাজিত হয় । অসমে ১৮ অভাৰত দুটা উইকেটত ১৬৫ ৰাণ কৰে । অসমৰ হৈ মনজিত চৌধুৰীয়ে ৪৯ টা বলত ৮৪ ৰাণ কৰি অপৰাজিত হৈ ৰয় । প্ৰতিযোগিতাত অসম দলে মণিপুৰৰ বিৰুদ্ধে খেলা এখন খেলত ১৮ অভাৰত ৩ উইকেটত ১৯১ ৰাণ কৰে । অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে ৪৪ টা বলত ৬৫ ৰাণৰ বৰঙণি আগবঢ়ায় । আনহাতে বলিঙত ৰাজদ্বীপ ডাকুৱা আৰু প্ৰতাপ ৰাজবংশীয়ে ভাল প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে মুঠ ২৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ গ্ৰুপ এফত মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰে । অসমৰ দলটোৰ টিম মেনেজাৰ আৰু প্ৰশিক্ষক হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ৰ ক্ৰমে ৰঞ্জন কুমাৰ গোস্বামী আৰু সুশীল পৌৰেল । অসমত দৃষ্টিহীন ক্ৰিকেটৰ বাটকটীয়া, বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সভাপতি (স) আৰু অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে প্ৰতিযোগিতাত জয়লাভ কৰিব নোৱাৰিলেও উপযুক্ত প্ৰশিক্ষণ আৰু আন্তঃগাঁথনি নোহোৱাকৈ অসমৰ দলটোৱে আশা কৰাতকৈও উৎকৃষ্ট প্ৰদৰ্শন কৰিছে । উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে তেওঁলোকে আৰু অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ লগতে এইবাৰ ক্ৰিকেট দলটোক চণ্ডিগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে ।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers