সমাগত বান পৰিস্থিতিৰ বাবে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ প্ৰস্তুতি-বানপ্ৰৱণ ৱাৰ্ড চিনাক্ত কৰি আগতীয়া পদক্ষেপ লোৱাৰ নিৰ্দেশ উপায়ুক্তৰ

0 109

সমাগত বাৰিষাত হ’বলগীয়া সম্ভব্য বান পৰিস্থিতিত ধন-জনৰ ক্ষতি হ্ৰাস কৰিবলৈ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ তত্বাবধানত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে৷ আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এখন বৈঠকত সাম্ভাব্য বান পৰিস্থিতিৰ কেনেদৰে মোকাবিলা কৰিব সেই সন্দৰ্ভত বিতং আলোচনা কৰা হয়৷ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই বানৰ সময়ত সকলো বিভাগক নিজ নিজ দায়িত্ব সুচাৰুৰূপত পালন কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ বিগত বৰ্ষৰ তথ্যৰ আধাৰত গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ বানপ্ৰৱণ ৱাৰ্ডসমূহ চিনাক্ত কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্ৰকল্প প্ৰৱন্ধক কৌস্তৱ তালুকদাৰক নিৰ্দেশ দিয়ে৷ সমাগত বান পৰিস্থিতিৰ সময়ত জিলা প্ৰশাসনৰ সমৰ্থন আৰু তত্বাবধানত গুৱাহাটী পৌৰ নিগমে বান সাহাৰ্য বিতৰণ কৰিব বুলি মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে৷ তেওঁ ভূমিস্খলনৰ সম্ভাৱনা থকা এলেকাসমূহত আগতীয়াকৈ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত লোকনিৰ্মাণ বিভাগ আৰু আন বিভাগসমূহে কৰি থকা নিৰ্মাণ কাৰ্য বানৰ সময়ত ৰাইজে সহজে চিনাক্ত কৰিব পৰাকৈ আগন্তুক ১৫ দিনৰ ভিতৰত চিহ্নিত কৰিবলৈ বা বেৰিকেডেৰে আগুৰি পেলাবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷ গুৱাহাটী মহানগৰীত থকা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ ধুমুহাৰ সময়ত চিঙি হ’ব পৰা অঘটন ৰুধিবলৈ বন বিভাগ আৰু এ পি ডি চি এলক সহযোগিতাৰে কাম কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে৷ জলসম্পদ বিভাগক পানীখাইটি আদি স্থানত চলি থকা খহনীয়া নিয়ন্ত্ৰণৰ কাম সোনকালে শেষ কৰিবলৈ আৰু বৰ্ধিত পানী উলাই যাবলৈ খনাজান নৈ মুকলি কৰাৰ কাম শেষ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে কয়৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম ছেত্ৰী প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগম, অগ্নি নিৰ্বাপন বাহিনী, এন ডি আৰ এফ, চক্ৰ বিষয়া কাৰ্যালয় আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.