সমাজক হাজাৰ জন সুৰজৰ প্ৰয়োজন

0 329

হাজোৰ এজন প্ৰতিভাধৰ শিশু।নাম সুৰজ দাস ।বয়সৰ জোখেৰে মাত্ৰ ৮টা বসন্ত গৰকিলেও, কথা আৰু চিন্তাত যেন এজন গৱেষক, চিন্তকৰ দৰে ।যাৰ বাবে নিচেই কম দিনৰ ভিতৰতে সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।ইতিপূৰ্বে সুৰজ দাসৰ সৈতে হোৱা বাৰ্তালাপৰ এক ভি ডি অ’ এন ই ফ’কাচ ডট কম জৰিয়তে সম্প্ৰচাৰ কৰিছিলো।আহক চোন জানো সুৰজ দাস কোন আৰু তেওঁ কিয় বিশেষ?দেখাত সাধাৰণ যেন লগা এটা শিশু ।কিন্তু তেওঁৰ অসাধাৰণ ব্যক্তিত্ব আৰু আচৰণৰ বাবে দেশৰ লগতে বিদেশতো সমাদৃত হৈছে ।নৃত্য, আবৃত্তি, অভিনয় আৰু শেহতীয়াকৈ মডেলিঙৰ জৰিয়তে সমাজত সুকীয়া পৰিচয় জিনিবলৈ সক্ষম হৈছে।সুৰজ দাসে ৩খনকৈ নাটক ৰচনা কৰি মঞ্চস্থ কৰিবলৈ সক্ষম হৈছে।এই সম্পৰ্কে সুৰজৰ মাকে জনোৱা মতে ভালকৈ লিখিব নজনা বয়সৰ পৰা মাকৰ যোগেদি নাটক লিখাইছিল।কবিতা লিখি আবৃত্তিও কৰিছিল।সুৰজে এসময়ত মুখ্যমন্ত্ৰীলৈ লিখা এটা কবিতা খুবেই জনপ্ৰিয় হৈছিল ।নৃত্য প্ৰতিভাৰ বাবে মায়া নগৰীতো ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ।তেওঁ অভিনয় কৰা বহু কেইখন ধাৰাবাহিক টি ভিৰ সম্প্ৰচাৰিত হৈছে।দেশ, ভাষা, সমন্বয় আৰু মানুহক ভালপোৱা সুৰজ সমাজৰ অমূল্য সম্পদ হিচাপে গঢ় লৈ উঠক, আমি জনালো বহু শুভকামনা ।প্ৰিয় পাঠক, এন ই ফ’কাচ ডট কমৰ জন্ম লাভ কৰিছিল প্ৰতিভাধৰ সকলক এখন মঞ্চ দিয়াৰ বাবে, তাৰেই এয়া এক প্ৰয়াস।আগন্তুক দিনটো এনেধৰণৰ প্ৰতিভাক পৰিচয় কৰি দিয়াৰ প্ৰতিশ্ৰুতি থাকিল।

Leave A Reply

Your email address will not be published.