ছবিয়ে কথা কয় । কথাবোৰ আচলতে আপুনি আমি ভবাৰ দৰে নহয়।কাৰণ এই খন শংকৰ আজানৰ দেশ।সেয়েহে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে দেৰগাঁৱৰ ৰাজুমণি হুছেইনে।উল্লেখযোগ্য যে দেৰগাঁৱৰ ব্যৱসায়ী ৰাজুমণি হুছেইনে শংকৰদেৱ অধিবেশনৰ শোভাযাত্ৰাত ব্যৱহাৰ কৰিবলৈ এখন গাড়ী দান কৰিছে।অলপতে অনুষ্ঠিত এখন সভাত তেখেতে এই মন্তব্য কৰে। জানিব পৰা মতে দেৰগাঁৱৰ ইছলাম ধৰ্মী সমাজে বোকাখাতত অনুষ্ঠিত হ’ব লগা ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে এসাজ আহাৰ আগবঢ়াব। লগতে সমূহ ইছলাম ধৰ্মী ৰাইজে অধিবেশন খন সাফল্যমণ্ডিত কৰাৰ বাবে ব্যক্তিগত অৰিহণা, শিবিৰ নিৰ্মাণ, ভোজনালয় নিৰ্মাণত সেৱা আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে ।স্মতৰ্ব্য যে এই বিশেষ ঠাইখনৰ লোকসকলৰ মাজত সাতামপুৰুষীয়া সম্প্ৰীতি বৰ্তি থকাৰ বাতৰি প্ৰায়েই প্ৰকাশ পাই আহিছে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন