২০ জুন ২০১৬। ভৰ বাৰিষাৰ খহনীয়াই তাণ্ডৱ চলাইছিল সমগ্ৰ ৰাজ্যতে। বাৰিষাৰ বলীয়া বানে উতুৱাই লৈ গৈছিল সকলোৰে সা-সম্পত্তি। ঠিক একে দুৰ্দশাৰ সন্মুখীন হৈছিল টংকেশ্বৰহতঁৰ গাওঁখনতো। লীনা পেগু নামৰ এগৰাকী মহিলাই এখন নাৱেৰে ধান আনি থাকোতে পানীৰ কোবাল সোঁতত নাওখন বুৰ যোৱাত লীনা পেগু পানীত পৰে।চকুৰ সন্মুখতে এনে দৃশ্য প্ৰত্যক্ষ কৰি টংকেশ্বৰ ও পানীত জাপ দিয়ে। টংকেশ্বৰে নিজৰ প্ৰাণকো তুচ্চ জ্ঞান কৰি মহিলা গৰাকীক চুলিত ধৰি টানি পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পেগুৰ এনে সাহসিকতাৰ প্ৰতি উৎসাহ তথা সন্মান জনাই ভাৰতীয় শিশু কল্যাণ উন্নয়ন সমিতিয়ে কালি নতুন দিল্লীত সন্মান প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে এই National Bravery Award 2016 বটাঁ সৰ্বমুঠ ২৫ টা শিশুক প্ৰদান কৰা হয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মান প্ৰদান কৰি অনাগত দিনত সাহসিকতাৰে বিভিন্ন ক্ষেত্ৰত অগ্ৰসৰ হ’বলৈ উৎসাহ জনায়। এই সম্পৰ্কে nefocus.com ৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত টংকেশ্বৰ পেগুৱে কয় যে-মই এনেদৰে সন্মান লাভ কৰিম বুলি ভবা নাছিলো। সেইসময়ত মোৰ মনলৈ এটাই ভাব আহিছিল যে কিদৰে মানুহ গৰাকীক উদ্ধাৰ কৰিব পৰা যায়। আজি এনেদৰে সন্মান লাভ কৰাৰ বাবে অত্যন্ত সুখী। উল্লেখযোগ্য যে টংকেশ্বৰ পেগু গোলাঘাটৰ ৰঙাগড়াৰ বাসিন্দা আৰু অসম গৃহৰক্ষী বাহিনীৰ জোৱান বীৰেন পেগুৰ পুত্ৰ।
Trending
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ

