ৰাজ্য খনৰ সাৰ বিতৰণ ব্যৱস্থাটো অধিক সুশৃংখলিত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বি ভি এফ চি এল ,আই এফ এফ চি অ’ ইত্যাদিকে ধৰি সাৰ উৎপাদন আৰু বিতৰণ প্ৰতিষ্ঠানসমুহৰ প্ৰতিনি সকলৰ সৈতে এক বৈঠকত মিলিত হয়।ৰাজ্য খনৰ বৰ্তমান সাৰৰ বিতৰণ ব্যৱস্থাটো বুজ লৈ মুখ্যমন্ত্ৰীয়ে সাৰৰ চাহিদা আৰু যোগানৰ বিশ্লেষণ ভিত্তিত ফলপ্ৰসূ হোৱাকৈ ডিলাৰশ্বিপ প্ৰদান আৰু ৰেলৱে ষ্টেচনত বেক পইণ্ট স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বেক পইণ্ট গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিনাক্ত কৰিবলগীয়া স্থান সমূহ অহা সাত দিনৰ ভিতৰত পৰিদৰ্শন কৰি প্ৰয়োজন সাপেক্ষে ইয়াৰ উন্নয়ন সাধনৰ বাবে পৰামৰ্শ আগবঢ়াবলৈও কয়।মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগক খুচুৰা বিক্ৰী কেন্দ্ৰ সমূহলৈ কোম্পানীৰ সমূহৰ সাৰৰ দ্বাৰা বিতৰণ নিৰীক্ষণ কৰাৰ বাবে এক সংহত অনলাইন প্ৰণালী বিকশিত কৰিবলৈও নিৰ্দেশ দিয়ে।লগতে কয় যে এতিয়াৰে পৰা জিলা কৃষি বিষয়া সকলে সাৰৰ প্ৰয়োজনীয়তা ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা তালিকা অনুসৰি চৰকাৰে সাৰৰ আবন্টন কৰিব আৰু সেই মতে প্ৰতিষ্ঠান সমূহে জিলা সমূহৰ সাৰ বিতৰণ কৰিব লাগিব।তেওঁ বিভাগটোক সাৰ বিতৰণ সম্পৰ্কীয় সকলো সমস্যা সমাধান কৰিবলৈ প্ৰতিমাহে ৰাজ্যিক পৰ্যায়ৰ সাৰ বিতৰণ সভা অনুষ্ঠিত কৰিবলৈও নির্দেশ দিয়ে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন