ৰাজ্য খনৰ সাৰ বিতৰণ ব্যৱস্থাটো অধিক সুশৃংখলিত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বি ভি এফ চি এল ,আই এফ এফ চি অ’ ইত্যাদিকে ধৰি সাৰ উৎপাদন আৰু বিতৰণ প্ৰতিষ্ঠানসমুহৰ প্ৰতিনি সকলৰ সৈতে এক বৈঠকত মিলিত হয়।ৰাজ্য খনৰ বৰ্তমান সাৰৰ বিতৰণ ব্যৱস্থাটো বুজ লৈ মুখ্যমন্ত্ৰীয়ে সাৰৰ চাহিদা আৰু যোগানৰ বিশ্লেষণ ভিত্তিত ফলপ্ৰসূ হোৱাকৈ ডিলাৰশ্বিপ প্ৰদান আৰু ৰেলৱে ষ্টেচনত বেক পইণ্ট স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বেক পইণ্ট গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিনাক্ত কৰিবলগীয়া স্থান সমূহ অহা সাত দিনৰ ভিতৰত পৰিদৰ্শন কৰি প্ৰয়োজন সাপেক্ষে ইয়াৰ উন্নয়ন সাধনৰ বাবে পৰামৰ্শ আগবঢ়াবলৈও কয়।মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগক খুচুৰা বিক্ৰী কেন্দ্ৰ সমূহলৈ কোম্পানীৰ সমূহৰ সাৰৰ দ্বাৰা বিতৰণ নিৰীক্ষণ কৰাৰ বাবে এক সংহত অনলাইন প্ৰণালী বিকশিত কৰিবলৈও নিৰ্দেশ দিয়ে।লগতে কয় যে এতিয়াৰে পৰা জিলা কৃষি বিষয়া সকলে সাৰৰ প্ৰয়োজনীয়তা ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা তালিকা অনুসৰি চৰকাৰে সাৰৰ আবন্টন কৰিব আৰু সেই মতে প্ৰতিষ্ঠান সমূহে জিলা সমূহৰ সাৰ বিতৰণ কৰিব লাগিব।তেওঁ বিভাগটোক সাৰ বিতৰণ সম্পৰ্কীয় সকলো সমস্যা সমাধান কৰিবলৈ প্ৰতিমাহে ৰাজ্যিক পৰ্যায়ৰ সাৰ বিতৰণ সভা অনুষ্ঠিত কৰিবলৈও নির্দেশ দিয়ে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram