সুখবৰ-প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মুকলি হ’ল ই -পাঠ্যপুথি

0 133

সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত কলি প্ৰাক-প্ৰাথমিক শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ ই-পাঠ্যপুথি মুকলি হয়। আঠটা মাধ্যমৰ ১৯টা ভাষাত ৪৭৫খন ই-পাঠ্যপুথি এতিয়া ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT), অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ৰ প’ৰ্টেলত ডাউনলোড যোগ্য ফৰ্মেটত উপলব্ধ হ’ব।

ই পাঠ্যপুথি মুকলিৰ অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ক্ৰমে দেবানন্দ হাজৰিকা আৰু তুলসী বৰঠাকুৰ, সমগ্ৰ শিক্ষাৰ সঞ্চালক ড০ ওম প্ৰকাশ, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক ড০ নিৰোদা দেৱীৰ লগতে শিক্ষা বিভাগৰ অন্যান্য বিষয়াসকল আমাৰ সৈতে উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.