সুখবৰ সুখবৰ

0 263

2

অৱশেষত এটা প্ৰতিবাদৰ সমাধানৰ পথ মুকলি হ’ল। যোৱা ১৭ জুলাইৰ পৰা আজি তাৰিখলৈকে এছ পি অ (SPO) সকলে চাকৰি স্থায়ীকৰণৰ দাবী জনাই দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদৰ কৰিছিল। এই প্ৰতিবাদ বিষয়ে মুখ্যমন্ত্ৰীৰ কাৰ্য্যলয়ত প্ৰচাৰ মাধ্যম যোগে অৱগত হোৱাত এক আলোচনাৰ মাজলৈ আহে। আলোচনাৰ সিদ্ধান্ত অনুসৰি মাত্ৰ এসপ্তাহৰ ভিতৰত এছ পি অ (SPO) সকলৰ চাকৰি ASSAM SECURITY INDUSTRIAL FORCE ত স্থায়ীকৰণ হ’ব। আৰু সমগ্ৰ অসমৰ প্ৰায় ৮০০ এছ পি অ (SPO) ৰ চাকৰি স্থায়ী হ’ব বুলি এছ পি অ (SPO) সকলে এক সংবাদমেল যোগে সদৰী কৰে।

IMG-20170721-WA0022

আনহাতে সুখবৰৰ তালিকাত স্থান পাইছে আন এক খবৰে… গৱেষক, উদ্ভাৱক উদ্ভৱ ভৰালীলৈ আগবঢ়োৱা হৈছে এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা। JINDAL SKILL POWER  LIMITED FOUNDATION য়ে অহা ৩ আগষ্টত ভৰালীক এই বিশেষ বঁটা আগবঢ়াব। মানৱ সেৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিত এই সংস্থাটোৱে উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ শিতানত এনে সন্মানৰ বাবে নিৰ্বাচন কৰে। এই খবৰত আনন্দিত হৈ ভৰালীয়ে nefocus.com ৰ আগত এনে দৰে প্ৰকাশ কৰে- এনে এটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটাৰ বাবে নিৰ্বাচিত কৰাত খুবেই আনন্দিত হৈছো। জনা মতে এই বিশেষ বঁটাটো লাভ কৰিবৰ বাবে আবেদন কৰিব লাগে। মই তেনে কোনো আবেদন নকৰাকৈয়ে এই বঁটাৰ বাবে নিৰ্বাচিত হ’লো। সেয়েহে মই যথেষ্ট সুখী। 

Leave A Reply

Your email address will not be published.