এগৰাকী সামাজিক উদ্যমী নামেই যাৰ পৰিচয়

0 254

এজন সামাজিক উদ্যমী। তেওঁ সমাজৰ বাবে এবছৰ, দুবছৰ নহয় সম্পূৰ্ণ ১২ বছৰ নিৰবিচ্ছিন্ন ভাৱে কাম কৰি আছে। সেয়েহে আজি আপোনালোকৰ সন্মুখত পৰিচয় কৰি দিব লৈছো।

পৰিচয় কৰি দিয়াৰ আগতে আপোনাক জনাও যে nefocus.com ৰ মঞ্চখন সেই সকলৰ বাবে, যিসকলৰ ইতিবাচক কামে অৰ্থাৎ ভাল খবৰে আন দহজনক অনুপ্ৰাণিত কৰে আৰু সমাজৰ ভাল কামৰ লগত জৰিত জনৰ প্ৰতিভাৰ সঠিক মূল্যায়ন হয়। তেন্তে আহকচোন পলম নকৰি কাহিনীৰ দিশে অগ্ৰসৰ হওঁ।

IMG-20170722-WA0011

জীৱনত বহুতবাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছো, আজি সাক্ষাৎকাৰ গ্ৰহণ কৰা ব্যক্তিজন কিছু ক্ষেত্ৰত অলপ ব্যতিক্ৰম। ব্যতিক্ৰম তেওঁৰ চিন্তা, ভাব আৰু কৰ্ম। কথাৰে নহয় কৰ্মৰে এই ব্যক্তিজনে জগত জিনিব বিচাৰে। সাধাৰণতে একাডেমী কেৰিয়াৰ সমাপ্ত হোৱা পিছত প্ৰত্যেকেই চাকৰি অথবা ব্যৱসায়ৰ সন্ধান কৰে। কিন্তু এই বিশেষ ব্যক্তিজনৰ চাকৰি, ব্যৱসায়ৰ প্ৰতি অলপো ধাউতি নাছিল। কাৰণ তেওঁ উদ্যমী আছিল। তেওঁ কোন জানেনে?

IMG-20170722-WA0013

তেওঁ হ’ল মহানগৰীৰ ৰঞ্জন কে বৰুৱা। আজিৰ তাৰিখত এগৰাকী সফল সামাজিক উদ্যমী। বৰুৱাই North East Youth Foundation প্ৰতিষ্ঠা কৰিছিল। এই Foundation য়ে উত্তৰপূবৰ নৱ প্ৰজন্মৰ সহায়কৰ বাবে বহুতো কাম কৰি আছে। বিশেষকৈ কেৰিয়াৰ, পৰিবেশ, প্ৰকৃতিৰ বিষয়ক বিষয়ৰ ওপৰত বিভিন্ন ঠাইত কৰ্মশালা, চেমিনাৰ আয়োজন কৰি সমাজত পৰিবৰ্ত্তন অনাৰ বাবে প্ৰচেষ্টা চলাইছে।

IMG-20170722-WA0012

বৰুৱাৰ মতে এতিয়াও বহু কৰিবলৈ বাকী আছে সফল হোৱা নাই। বৰ্ত্তমানেও জীৱন সংগ্ৰামত ব্ৰতী হোৱা এজন যুঁজাৰুহে।

ৰঞ্জন কে বৰুৱাই কেৱল কৰ্মশালাতে নহয়, লেখা মেলাৰ যোগেদিও সমাজৰ বাবে সেৱা আগবঢ়ায় আহিছে। অনাগত দিনত বৰুৱাৰ কৰ্মই সমাজত নতুন  দিগন্ত সুচনা কৰক। nefocus.com ফালৰ পৰা জনালো বহু শুভকামনা।

Leave A Reply

Your email address will not be published.