সামাজিক সাংস্কৃতিক অনুষ্ঠান “গতি-অসম” ৰ দ্বাৰা ঘোষণা কৰা বিভিন্ন বঁটাৰ তিনিটা ডিব্ৰুগড় জিলাৰ শিশুৱে আজুৰি আনিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জ্যোতি মইনা পাৰিজাতৰ মইনা তথা শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ সুমন দাসক বছৰৰ শ্ৰেষ্ঠ শিশু হিচাপে নিৰ্বাচিত কৰা লগতে বিভিন্ন ক্ষেত্ৰত বিশেষ প্ৰতিভাৱান অসমৰ দহ গৰাকীৰ নিৰ্বাচিত শিশুৰ ভিতৰত ডিব্ৰুগড় জিলাৰ ২ গৰাকী ক্ৰমে ৰূপকোৱঁৰ মইনা পাৰিজাতৰ মইনা ৰিপুঞ্জয় শইকীয়াক সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আৰু অংকুৰণ মইনা পাৰিজাতৰ মইনা তনভী তনয়া বৰুৱাক ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে শ্ৰেষ্ঠ শিশু প্ৰতিভা বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। এনে বতৰাই ডিব্ৰুগড় জিলাখনলৈ সু-নাম কঢ়িয়াই অনাৰ লগতে মইনা সকলকো উৎসাহিত কৰাৰ লগতে অনুপ্ৰেৰণা যোগাইছে।”গতি -অসম” সামাজিক সাংস্কৃতিক অনুষ্ঠানটিয়ে শিশু সকলক উৎসাহিত কৰিবলৈ গ্ৰহন কৰা এনে পদক্ষেপক ডিব্ৰুগড় জিলা মইনা পাৰিজতে অনুষ্ঠানটিক শলাগ জনোৱাৰ লগতে কৃতজ্ঞতা জনাইছে। ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদক তথা সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক হৰেন ডেকাই কেওগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা