ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ ডিচেম্বৰ সুশাসন দিৱস হিচাপে পালন কৰি আহিছে।কালি সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কাৰ্বি যুৱ সংঘ’ৰ মঞ্চত ভাৰতৰত্ন,প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী দেৱৰ ৯৬ সংখ্যক জন্মদিন উপলক্ষে সুশাসন দিৱস অনুষ্ঠিত হয়।অনুষ্ঠানটোত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্ত,সাংসদ কুইন ওজা,মন্ত্ৰী পৰিমল শুক্লবৈদ্য,সাংসদ দিলীপ শইকীয়া,সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,বিজয় গুপ্তাকে ধৰি বহুকেইজন জেষ্ঠ্য নেতা উপস্থিত থাকে।বৰেণ্য নেতা অটল বিহাৰী বাজপেয়ীদেৱলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদি পবিত্ৰ মাৰ্ঘেৰিটাই এটি কবিতা পাঠ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্তই ভাষণ প্ৰসঙ্গত এনেদৰে কয়-বাজপেয়ীদেৱৰ সান্নিধ্যই তেওঁক সদায় ৰাইজৰ প্ৰতি কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি আহিছে।সেই হেতুকে তেওঁ ২০১৬ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অটল বিহাৰী বাজপেয়ীদেৱৰ আদৰ্শ,ৰাষ্ট্ৰভক্তি আৰু অসমভক্তিৰ যি আদৰ্শ সেই আদৰ্শৰ পৰা বিচ্যুত নহৈ স্থিতপ্ৰজ্ঞৰ দৰে স্থিৰ হৈ থাকিলে অসমত বিজেপি শক্তিশালী হৈ থাকিব বুলি মত প্ৰকাশ কৰে।লগতে কা’ক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে বাজপেয়ীদেৱৰ নেতৃত্বত ৰাজীৱ গান্ধী আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত যি ভয়াবহ নাগৰিকত্ব সংশোধন হৈছিল তাৰ প্ৰতিকাৰ ২০০৩ চনত বাজপেয়ী ডাঙৰীয়াই কৰি যোৱাৰ ফলতে আজি জাতিটোৰ ৰক্ষা হ’ল।অসমত আৱেগ বিৱৰ্জিত পৰিবেশ গুচি যিদিনাই আলাপ-আলোচনাৰ পৰিবেশ হ’ব সিদিনাই অসমৰ ৰাইজে নৰেন্দ্ৰ মোডী চৰকাৰক শ্ৰেষ্ঠ বুলি বিবেচিত কৰিব বুলিও ড০ শৰ্মাই কয়।মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ভাষণত এই কথা সদৰি কৰে যে অটল বিহাৰী বাজপেয়ীৰ মানৱতা,সততা,দেশভক্তিৰ বাবেই আজি দেশত সুশাসন চলিছে।তেখেত সকলোৰে আদৰ্শ আৰু তেখেতৰ আদৰ্শৰে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ৰাইজৰ হকে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী