সৈনিক শিল্পী,বিপ্লৱী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম দিৱস উপলক্ষে সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ বৰঝাৰ বাগান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ‘ডেকা বন্ধু’ৰ সহযোগত ৩১ জানুৱাৰীত কৰাপাৰা নামঘৰ প্ৰাংগণত এখন কৃষক মেল অনুষ্ঠিত হৈ যায়! আৰম্ভণিতে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্ঞলন কৰে কেশৱ ৰাভাই আৰু মালাৰ্পণ কৰে সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাসে! ইয়াৰ পিছত শিশু শিল্পীসকলে গীত-নৃত্য পৰিবেশন আৰু শিল্পী আনন্দ দাসে তিনিটা গীত পৰিববেশন কৰে! দীনেশ দাস আৰু সংঘৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজেন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত কৃষক মেলত সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞানী তাজ আহমেদ উপস্থিত থাকি থলুৱা আৰু হাই ইলণ্ডিঙ ধানৰ বীজ সংৰক্ষণৰ পদ্ধতি,বেমাৰ আজাৰৰ প্ৰতিৰোধ সম্পৰ্কত পৰামৰ্শ আগবঢ়ায়! আৰমণিতে কৃষক মেলৰ উদ্দেশ্য আৰু আদৰণি জনায় ৰাচু ৰাভা আৰু জেহেৰুল ইছলামে!
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ