সোণাৰি সমষ্টিৰ লংপতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং হাওঁফাওঁ গাঁৱৰ নতুন আলি পথৰ নিৰ্মাণৰ আধাৰ শিলা আজি স্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত লোক নিৰ্মান পথ বিভাগৰ এছ অ’ পি ডি- জিশিতানত উক্ত পথটো নিৰ্মাণ কৰা হ’ব বুলি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আধাৰ শিলা স্থাপন কৰি দিয়া ভাষণত অৱগত কৰে ।এই আচঁনিৰ অধীনত সোণাৰি সমষ্টিৰ বিভিন্ন পঞ্চায়তত প্ৰায় ৫২ কি. মি. পথ নিৰ্মাণ কৰা হ’ব বুলি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ভাষণ প্ৰসংগত জানিবলৈ দিয়ে।প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতত এই আধাৰশিলা কাৰ্যসূচী সম্পন্ন কৰা হয়।আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় সমাজকৰ্মী ভোগেশ্বৰ গগৈৰ সভাপতিত্ব অনুষ্ঠিত কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে চৰাইদেউ জিলা পথ সংমন্ডল বিভাগৰ কাৰ্যবাহী অভিযন্তা অঞ্জন দে । সাপেখাতী মন্ডলৰ সম্পাদক জয়ন্ত বৰুৱাই আঁতধৰা উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, হৰেণ কাকতি, সাপেখাতী জিলা পৰিষদৰ সদস্য দিগন্ত ৰাজকোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, অবিচি মৰ্চাৰ ৰাজ্যিক সদস্য গিৰিণ গগৈ, জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ, সহকাৰী অভিযন্তা ঈছাদ হোছেইন, সাপেখাতী মন্ডলৰ সভাপতি যতিন গগৈ,উপ-সভাপতি সুশীল বড়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভাপতি হৰিশচন্দ্ৰ গগৈ, অনুসূচীত জাতি মৰ্চাৰ চেয়াৰমেন দীনেশ দাস, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰনীতা পাংগিং, সম্পাদিকা ললিতা বড়া, অসম গণ পৰিষদ দলৰ ৰাজ্যিক সম্পাদক নাৰায়ণ লাহন, মন্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মেঘালী ৰাজকুমাৰী প্ৰমূখ্যে বিভিন্ন বুথ সভাপতি সকলৰ লগতে দুই শতাধিক ৰাইজ।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন