সোণাৰি সমষ্টিৰ লংপতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং হাওঁফাওঁ গাঁৱৰ নতুন আলি পথৰ নিৰ্মাণৰ আধাৰ শিলা আজি স্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত লোক নিৰ্মান পথ বিভাগৰ এছ অ’ পি ডি- জিশিতানত উক্ত পথটো নিৰ্মাণ কৰা হ’ব বুলি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আধাৰ শিলা স্থাপন কৰি দিয়া ভাষণত অৱগত কৰে ।এই আচঁনিৰ অধীনত সোণাৰি সমষ্টিৰ বিভিন্ন পঞ্চায়তত প্ৰায় ৫২ কি. মি. পথ নিৰ্মাণ কৰা হ’ব বুলি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ভাষণ প্ৰসংগত জানিবলৈ দিয়ে।প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতত এই আধাৰশিলা কাৰ্যসূচী সম্পন্ন কৰা হয়।আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় সমাজকৰ্মী ভোগেশ্বৰ গগৈৰ সভাপতিত্ব অনুষ্ঠিত কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে চৰাইদেউ জিলা পথ সংমন্ডল বিভাগৰ কাৰ্যবাহী অভিযন্তা অঞ্জন দে । সাপেখাতী মন্ডলৰ সম্পাদক জয়ন্ত বৰুৱাই আঁতধৰা উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, হৰেণ কাকতি, সাপেখাতী জিলা পৰিষদৰ সদস্য দিগন্ত ৰাজকোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, অবিচি মৰ্চাৰ ৰাজ্যিক সদস্য গিৰিণ গগৈ, জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ, সহকাৰী অভিযন্তা ঈছাদ হোছেইন, সাপেখাতী মন্ডলৰ সভাপতি যতিন গগৈ,উপ-সভাপতি সুশীল বড়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভাপতি হৰিশচন্দ্ৰ গগৈ, অনুসূচীত জাতি মৰ্চাৰ চেয়াৰমেন দীনেশ দাস, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰনীতা পাংগিং, সম্পাদিকা ললিতা বড়া, অসম গণ পৰিষদ দলৰ ৰাজ্যিক সম্পাদক নাৰায়ণ লাহন, মন্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মেঘালী ৰাজকুমাৰী প্ৰমূখ্যে বিভিন্ন বুথ সভাপতি সকলৰ লগতে দুই শতাধিক ৰাইজ।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি