স্পৰ্শ অসমৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষা দিৱস

1 242

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলনা আব্দুল কালাম আজাদৰ জন্মদিন ১১ নৱেম্বৰত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় ।এই উপলক্ষে দিৱসৰ দিনা অসমৰ অন্যতম সামাজিক প্ৰতিষ্ঠান স্পৰ্শ অসমৰ উদ্যোগত দক্ষিণ কামৰূপৰ সোণতলীত অঞ্চলটো৫০ গৰাকী শিক্ষক,শিক্ষা বিষয়া আৰু গৱেষকবৰ্গৰ মাজত এখনি শিক্ষামূলক পৰ্য্যালোচনা সন্মিলন অনুষ্ঠিত হয় ।সোণতলী আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত সন্মিলনত মুখ্য সমলব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিক্ষক তথা গৱেষক উত্তম চন্দ্ৰ দাস,সোণতলী মহাবিদ্যালয়ৰ প্ৰৱক্তা ক্ৰমে নৌছাদ আলী আহমেদ ,আশ্ৰাফ আলী আহমেদ আৰু বিশিষ্ট শিক্ষক হজৰত আলি । মূলত: ধৰ্মীয় সংখ্যালঘু আৰু অসমৰ অন্যতম চৰ চাপৰি অঞ্চল হিচাপে বৃহত্তৰ সোণতলী অঞ্চলৰ শিক্ষকসকলে শিক্ষাৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যৱহাৰিক সমস্যাসমূহৰ সন্দৰ্ভত অনুষ্ঠানত মুকলিভাৱে আলোচনা কৰা হয়।সন্মিলনত শিক্ষক প্ৰতিনিধিসকলে কেতবোৰ উন্নয়নমূলক আঁচনি স্পৰ্শ অসমক গ্ৰহণ কৰিবলৈও পৰামৰ্শ আগবঢ়ায় ।বিভিন্ন কাৰণত আজিও সংখ্যালঘু আৰু চৰ চাপৰি অঞ্চলৰ শিক্ষা আন অঞ্চলতকৈ পিছপৰি থকা বুলি একাংশ শিক্ষকে ক্ষোভ প্ৰকাশ কৰি এনে অঞ্চলবোৰৰ কাৰণে বিকল্প আৰু ক্ষেত্ৰভিত্তিক আচনিৰ প্ৰয়োজনীয়তা আছে বুলি মত পোষণ কৰে । মূলত: চৰ চাপৰি অঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ ভাষাগত আৰু গাণিতিক আসোঁৱাহ সমূহ দূৰ কৰাৰ কাৰণে জৰীপ আৰু নিজস্ব মূল্যায়ণৰ উপৰিও কেতবোৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সন্মিলনে সিদ্ধান্ত গ্ৰহণ কৰে ।এই সন্মিলনত শিক্ষা বিভাগৰ মণ্ডল সমলকেন্দ্ৰ সমন্বয়ক ক্ৰমে আমজেদ হুছেইন,আব্দুল ৰৌফ হুছেইন ,নিজামূল হক চৌধুৰীয়ো অঞ্চলটোৰ শিক্ষাৰ সামগ্ৰিক বিকাশৰ বাবে শিক্ষক ,অভিভাৱক আৰু সামাজিক সংস্থাৰ ত্ৰিকোণীয়া প্ৰয়াসৰ সপক্ষে মতামত আগবঢ়ায়।অনুষ্ঠানটো পৰিচালনা কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা স্পৰ্শ অসমৰ অন্যতম কৰ্মকৰ্তা ৰত্ন দাস আৰু সমন্বয়ক মিৰ্জা লুটফুৰ ৰহমানে । এই অনুষ্ঠানত অঞ্চলটোৰ সৰ্বমূঠ ৩২ খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে ।উল্লেখ্য যে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত আজিকোপতি সমাধান নোহোৱা কেতবোৰ জলন্ত সমস্যা সমাধানৰ দাবীত শীঘ্ৰেই স্পৰ্শ অসমৰ নেতৃত্বত এটি শিক্ষকৰ সজাতি দলে শিক্ষামন্ত্ৰীক লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰিব ।

1 Comment
  1. Mirza Lutfar Rahman says

    Thanks a lot…..

Leave A Reply

Your email address will not be published.