স্বচ্ছতাৰ বাৰ্তা বিলাই দেশ ভ্ৰমিছে

0 282

বিদেশৰ উচ্চ হাৰৰ চাকৰি পৰিত্যাগ কৰি এগৰাকী মহিলাই দেশ ভ্ৰমিছে।নিজৰ বাবে নহয়, সমাজৰ বাবে, দেশৰ বাবে চিন্তা কৰি তেওঁৰ এই যাত্ৰা।জানি সুখী হ’ব যে তামিলনাডুৰ সংগীতা শ্ৰীধৰ নামৰ মহিলাগৰাকীয়ে অকলশৰে এক মিছনৰ অংশীদাৰ হৈছে।দেশৰ চহৰ নগৰ ভ্ৰমণ কৰি অনাময় ব্যৱস্থা,স্বচ্ছতা,ৰাস্তা পথ আৰু যুৱশক্তিৰ কৰ্মদক্ষতা বুজ লৈছে।বিশেষকৈ নাৰীৰ সুৰক্ষাৰ সম্পৰ্কে বুজ লৈছে ।ইতিমধ্যে সংগীতাই ৩০০ৰো অধিক চহৰ ৩৬৬দিনত পৰিভ্ৰমণ কৰি আজি তেজপুৰত উপস্থিত হওতে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে- ভাৰতৰ সকলো প্ৰান্তৰ মানুহে অতিথিক দেৱতাৰ জ্ঞান কৰে।অসমলৈ আহি অভিভূত হৈছো।অসমৰ জৈৱ বৈচিত্ৰ্য, শুৱালকুছিৰ বয়ন শিল্প, গুৱাহাটীৰ কামাখ্যা আৰু তেজপুৰৰ পৰিস্কাৰ পৰিচ্ছন্নতা, সেউজ পৰিবেশ চাই মুগ্ধ হৈ পৰিছো।অসমৰ নদ নদীৰ ফটফটীয়া পানীয়ে ৰাজ্যখনৰ স্বচ্ছতাৰ কথাৰ স্পষ্ট কৰে।তেওঁৰ মতে আমাৰ দেশৰ খাদ্য পদ্ধতি স্বাস্থ্যসন্মত আৰু অনাময় ব্যৱস্থাও পশ্চিমীয়া ব্যৱস্থাতকৈ বিজ্ঞানসন্মত ।সংগীতা শ্ৰীধৰ যাত্ৰাই নতুন মাত্ৰা প্ৰদান কৰক।আমাৰ অলেখ শুভকামনা থাকিল ।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাথে ।

Leave A Reply

Your email address will not be published.