সমাগত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ সভাপতিত্বত আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এখন সভা অনুস্থিত হয় । সভাত কামৰূপ মহানগৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন , সামৰিক,অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আগন্তুক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বিভাগসমূহক দায়িত্ব অৰ্পণ কৰা হয় । তদুপৰি গুৱাহাটী পৌৰ নিগমক কামৰূপ মহানগৰ জিলাত থকা স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিমূৰ্ত্তি পৰিষ্কাৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে। একেদৰে বায়’ টয়লেটৰ ব্যৱস্থা’, নিয়মীয়া বিদ্যুত ব্যৱস্থা,মেডিকেল টীমৰ ব্যৱস্থা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । আজিৰ সভাত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়,অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিত শইকীয়া, সহকাৰী আয়ুক্ত আদিত্য প্ৰতাপ সিং, নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত জ্যোতিৰঞ্জন নাথসহ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী