স্বাস্থ্যমন্ত্ৰীয়ে আজিৰ সংবাদমেলত কি ক’লে

0 256

সমগ্ৰ ৰাজ্যতে মহামাৰী ক’ৰণা ভাইৰাছৰ ফলত ভয়াবহ অৱস্থাৰ সৃষ্টি হৈছে । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এই সম্পৰ্কত কেনে ধৰণৰ  নতুন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত  আজি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  এখন সংবাদ মেল সম্বোধন কৰে।
 
আজি মন্ত্ৰী গৰাকীয়ে সম্বোধন কৰা সংবাদমেল খনত ৰাজ্যৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা সন্দৰ্ভত মত প্ৰকাশ কৰে। তেখেতে কয় যে সমগ্ৰ ৰাজ্যত আপোচবিহীন ধৰণেৰে কোৱাৰেণ্টাইন চেণ্টাৰ সমূহ গঠন কৰা হ’ব। কোৱাৰেণ্টাইনত থকা লোকসকলৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰতি ব্যক্তিৰ খোৱা লোৱাৰ বাবদ দৈনিক ৫০০টকাকৈ খৰচ কৰিব  বুলি কয়। আনহাতে হোটেল সমূহত যিসকল লোকক কোৱাৰেণ্টাইনত আছে তেওঁলোকৰ কাৰণে প্ৰতিদিনে ২০০০ টকা পৰ্যন্ত ভাড়া বহন কৰিব।
 
 
 
আজিৰ সংবাদমেলৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যৰ গ্ৰীণ জ’নৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ সমগ্ৰ নীতি নিয়ম সম্পন্ন কৰি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ যাবলৈ হ’লে উপায়ুক্তৰ অনুমতি  লোৱাটো বাধ্যতামূলক।
 
 
আনহাতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ যোৱাৰ পিছত আকৌ  নিজৰ পৰিয়ালসহ আগন্তুক সাত দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে বহন কৰিব দুহেজাৰ টকাকৈ। আগন্তুক সাতদিনৰ বাবে যাতে পৰিয়ালটোৰ কোনোধৰণৰ সমস্যা নহয় তথা  ঘৰখন ভালদৰে চলিব পাৰে তাৰ বাবে দুহেজাৰ টকাৰ লগতে পুনৰ অতিৰিক্ত পাঁচশ টকা প্ৰদান কৰিব চৰকাৰে।
 
আনহাতে কোৱাৰেণ্টাইনৰ সমগ্ৰ ব্যৱস্থাটো ভালদৰে হ’বলৈ প্ৰতিখন গাঁৱত এখন কমিটী গঠন কৰি দিয়া হৈছে। কালাপাহাৰৰ চিকিৎসালয়খনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত কৰি তাত ক’ভিড১৯ৰ ৰোগীক চিকিৎসা কৰা হ’ব। প্ৰথম পৰ্য্যায়ত চিকিৎসক সকলে সাতদিনৰ দায়িত্ব লৈ চৈধ্য দিনৰ বাবে কোৱাৰেণ্টাইন হৈ আছিল কিন্তু এতিয়াৰ পৰা তেওঁলোকে সাতদিনৰ দায়িত্ব পালন কৰি সাতদিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব।
 
 
ধনন্তৰী আঁচনিৰ অধীনত পূৰ্বতে ৭৩০৬গৰাকী লোকক ঔষধ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা অকণমান সলনি কৰি সেই আঁচনি খনৰ জৰিয়তে ক’ৰণাত আক্ৰান্ত সকলকহে ঔষধ প্ৰদান কৰা হ’ব।
 

অসমৰ ৮খন জিলাত এতিয়ালৈকে কোনোধৰণৰ ক’ৰণাত আক্ৰান্ত ৰোগী পোৱা নাই। কোনো এখন জিলাত দুশটা ক’ৰণাৰ কেছ পালেহে সেই অঞ্চলটো বা জিলাখনক ৰে’ড জ’ন অথবা কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব চৰকাৰে। এতিয়ালৈকে ৰাজ্যত আক্ৰান্ত হোৱা ১৯জন আক্ৰান্তকাৰীৰ ভিতৰত বঙাইগাও, কামৰূপ মেট্ৰ’ আৰু কামৰূপ গ্ৰাম্যৰ মুঠ নটাকৈ কেছৰ ক্ষেত্ৰত কোনোধৰণৰ তথ্য জানিব পৰা নাই স্বাস্থ্যবিভাগে। উল্লেখ্য সৰ্বমুঠ আক্ৰান্তকাৰী ১৯৯গৰাকীৰ ভিতৰত ১১২জনেই বহিঃৰাজ্যৰ পৰা অহা লোক।

Leave A Reply

Your email address will not be published.