স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে-৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰে
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত নতুনকৈ সংযোজন কৰা ৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ ফ্লেগ কৰে।ইয়াৰে ৪০ খন এম্বুলেঞ্চ এডভাঞ্চড লাইফ চাপৰ্ট থকা আৰু ৪২ খন বেছিক লাইফ চাপৰ্ট থকা।
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে আজি অসমৰ স্বাস্থ্য খণ্ডত এক নতুন অধ্যায় যোগ হৈছে।আজি ৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱা ৰাইজৰ বাবে মুকলি কৰা হয়।তেওঁ কয় যে পূৰ্বতে প্ৰায় ৮০০ খন এম্বুলেঞ্চৰ ৭৭৬ খন এম্বুলেঞ্চ বেছিক লাইফ চাপৰ্ট থকা আৰু ১৪ খন এডভাঞ্চড লাইফ চাপৰ্ট থকা এম্বুলেন্স আছিল আৰু ৩ খন নাও এম্বুলেন্স আছিল।
তেওঁ লগতে কয় যে পূৰ্বতে এডভাঞ্চড লাইফ চাপৰ্ট নথকাৰ বাবে পৰিস্থিতি কেতিয়াবা কেতিয়াবা জটিল হোৱা দেখা গৈছিল।পূৰ্বতে ৰোগী সকলক নিকটবৰ্তী চিকিৎসাললৈ লৈ যোৱাত প্ৰায় ১৪ মিনিট সময় লাগিছিল যদিও যোৱা দহ বছৰত বি জে পি চৰকাৰৰ দিনত ৰাস্তা ঘাট দলং আদি হোৱাৰ ফলত এই সময় কমি আহিছে বুলিও তেঁও কয়। আহি থকা দিনবোৰত প্ৰযুক্তি, এ আইৰ ব্যৱহাৰৰ জৰিয়তে এই সময় ১০ মিনিটলৈ হ্ৰাস কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা বুলি তেওঁ উল্লেখ কৰে। এম্বুলেন্স সেৱাৰ মান উন্নত কৰি ৰোগী সকলক সকাহ দিয়াৰ বাবে বিভাগে কাম কৰি আছে বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ লগতে কয় যে ৰাজ্য খনত নতুন নতুন চিকিৎসা মহাবিদ্যালয়, নতুন নতুন চিকিৎসালয়,ৰাস্তা ঘাট,দলং আদিৰ বাবেও স্বাস্থ্য বিভাগৰ কামবোৰ সহজ হৈ পৰিছে।
২০০৬ চনৰ নৱেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে প্ৰায় ৭১ লাখ ৰোগী এই এম্বুলেন্স সেৱাৰ দ্বাৰা উপকৃত হৈছে বুলিও তেওঁ মন্তব্য আগবঢ়ায়।
জি পি এছযুক্ত এই এম্বুলেন্স সেৱাৰ ট্ৰেকিঙৰ জৰিয়তে ,কল চেণ্টাৰ মনিটৰিং আদিৰ মাধ্যমেৰে সময়ে সময়ে পৰ্যবেক্ষণ কৰি থকাৰ লগতে মাইক্ৰ পৰ্যায়ত এই এম্বুলেন্স সেৱাৰ মান উন্নত কৰাৰ বাবে বিভাগে কাম কৰি আছে বুলিও তেওঁ কয়।
তেওঁ উল্লেখ কৰে যে প্ৰায়ে এক অভিযোগ উত্থাপন হৈ আহিছে যে দুখীয়া ৰোগী সকলক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ক্ষেত্ৰত তেওঁ এই এম্বুলেন্স সেৱাৰ লগত জড়িত প্ৰতিষ্ঠানক অৱগত কৰে যে ৰোগীৰ অনুমতি অবিহনে কোনো ব্যক্তিগত চিকিৎসালয়লৈ ৰোগী সকলক যাতে লৈ যোৱা নহয়
তাৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব।লগতে তেওঁ মন্তব্য কৰে যে অসমৰ চিকিৎসালয়সমূহ আজি যঠেষ্ট উন্নত হৈছে সেয়ে তেওঁ ৰাইজক চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ আহ্বান জনায়। তেঁও ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ চালক আৰু কৰ্মচাৰী সকলে যথেষ্ট ভাল কাম কৰিছে বুলি তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে আহি থকা দিনবোৰত সেৱাৰ মনোভাৱেৰে ৰোগী সকলক সেৱা আগবঢ়াই যাবলৈ তেওঁ সকলোকে আহ্বান জনায়।আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন এছ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী প্ৰমুখ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।