স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত

0 273

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত আজি ৰাণী হাইস্কুল চৌহদত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে এটা স্বাস্থ্য পৰীক্ষা শিবিৰ‌ অনুষ্ঠিত হয়।
শিবিৰ‌ মুকলি কৰে ১৭৫ বেটেলিয়ানৰ কামাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই। এই উপলক্ষে বাহিনীটোৰ ডেপুটি কামাণ্ডেণ্ট আব্দুল ৰহিমে আঁত ধৰা চমু অনুষ্ঠানত কামাণ্ডেণ্ট সুভাষ শৰ্মাই বাহিনীটোৰ জনহিতকৰ কাৰ্য্যসূচীৰ বাখ্যা দাঙি ধৰি আগন্তুক দিনত স্বাস্থ্য পৰীক্ষা শিবিৰকে ধৰি ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে বিভিন্ন জনহিতকৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে।
অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী তথা কামাণ্ডেণ্টৰ সহধৰ্মিনী সত্যনিষ্ঠা শৰ্মা, চেকেণ্ড ইন কামাণ্ড এম এছ ৰাথোড়, জ্যেষ্ঠ চিকিৎসা বিষয়া ডা: অনিল ঠাকুৰীয়াকে ধৰি কেইবাগৰাকী শিক্ষক, বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত ৰাণী হাইস্কুলৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দেশপ্ৰেমমূলক নৃত্য গীত আৰু সংগীতানুষ্ঠান প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও শিবিৰত ডা: অনিল ঠাকুৰৰ নেতৃত্বত বাহিনীটোৰ এটি চিকিৎসক, চিকিৎসাকৰ্মীৰ দলে ছাত্র ছাত্ৰী ধৰি অঞ্চলটোৰ দুই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.