ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত পূৰ্বাঞ্চল যোগ তীৰ্থ প্ৰকল্প মালিগাঁৱত দিনযোৰা কাৰ্যসূচীৰে এক মননশীল প্ৰীতি সন্মিলন অনুষ্ঠিত হয় ৷ সম্প্ৰীতি কল্যাণ ফাউণ্ডেচন আৰু পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱী ঠাকুৰে ৷ উদ্বোধনী ভাষণত অভিনেত্ৰী গৰাকীয়ে বৰ্তমান সময়ত উশৃঙ্খলিত সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে আজিৰ অনুষ্ঠানটো এক গতিশীল আৰু আকৰ্ষণীয় অনুষ্ঠান বুলি অভিহিত কৰে ৷ অসমৰ কৃষ্টি-সংস্কৃতিখিনিক সৃষ্টিশীল চিন্তাৰে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে এক শৃঙ্খলিত ব্যৱস্থাৰ মাজেৰে অনুশীলন আৰু পৰিৱেশন কৰাৰ মতপোষণ কৰে ৷ অনুষ্ঠানত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষ , সম্প্ৰীতি কল্যাণ ফাউণ্ডেচনৰ উপদেষ্টা ড° চয়নিকা শৰ্মা, ড° অঞ্জন ঠাকুৰ আৰু পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সভানেত্ৰী সিক্তা দেৱ ক’ৰ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা প্ৰীতি সন্মিলনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ফাউণ্ডেচনৰ সভানেত্ৰী জেফৰিন হাজৰিকাই ৷ প্ৰীতি সন্মিলনত আলমি হাজৰিকা, সুৰুয মণি হাজৰিকা আৰু ৰেণুকা বসুমতাৰীৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে ৷ জোনাক হাজৰিকাৰ কথক নৃত্যৰ আধাৰত সৃষ্টিশীল নৃত্য, অনিকেত দাস আৰু আফ্ৰিন বেগমৰ সৃষ্টিশীল নৃত্য, কণমানি মধুৰপ্ৰীত হাজৰিকাৰ গীতাৰত বিষ্ণু ৰাভা সংগীতৰ সুৰ পৰিৱেশন , সম্প্ৰীতি চায়া হাজৰিকাৰ কী-ব’ৰ্ডত ড° ভূপেন হাজৰিকাৰ দিল হুম হুম কৰে গীতৰ মূৰ্চ্ছনা পৰিৱেশন, মাছুদ নিছাদৰ আধুনিক নৃত্য আৰু ময়ুৰম গগৈৰ ঢোল বাদন আৰু প্ৰতীক দাসৰ তাল বাদনে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷ উদ্যোক্তা অনুষ্ঠানৰ জয়া দাস, ধনিকা বৰুৱা, চন্দশিখা বৰুৱা, ৰশ্মি শইকীয়া, অনুৰাধা দাস, নিকিতা দাস, জেফ্ৰিন হাজৰিকা, মানসী ভট্টাচাৰ্য আৰু অৰ্চনা দাসে পৰিৱেশন কৰা সমবেত গীত আৰু দলীয় বিহু নৃত্যৰ লগতে মাম্পি দাসৰ সুমধুৰ সংগীতে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ অনুষ্ঠানৰ শেষত সম্পাদক অৰূপ ডেকাই প্ৰীতি সন্মিলনৰ সফল সামৰণিৰ বাবে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।অসম সংগীতেৰে প্ৰীতি সন্মিলনৰ সামৰণি পৰে৷
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন