ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত পূৰ্বাঞ্চল যোগ তীৰ্থ প্ৰকল্প মালিগাঁৱত দিনযোৰা কাৰ্যসূচীৰে এক মননশীল প্ৰীতি সন্মিলন অনুষ্ঠিত হয় ৷ সম্প্ৰীতি কল্যাণ ফাউণ্ডেচন আৰু পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱী ঠাকুৰে ৷ উদ্বোধনী ভাষণত অভিনেত্ৰী গৰাকীয়ে বৰ্তমান সময়ত উশৃঙ্খলিত সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে আজিৰ অনুষ্ঠানটো এক গতিশীল আৰু আকৰ্ষণীয় অনুষ্ঠান বুলি অভিহিত কৰে ৷ অসমৰ কৃষ্টি-সংস্কৃতিখিনিক সৃষ্টিশীল চিন্তাৰে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে এক শৃঙ্খলিত ব্যৱস্থাৰ মাজেৰে অনুশীলন আৰু পৰিৱেশন কৰাৰ মতপোষণ কৰে ৷ অনুষ্ঠানত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষ , সম্প্ৰীতি কল্যাণ ফাউণ্ডেচনৰ উপদেষ্টা ড° চয়নিকা শৰ্মা, ড° অঞ্জন ঠাকুৰ আৰু পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সভানেত্ৰী সিক্তা দেৱ ক’ৰ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা প্ৰীতি সন্মিলনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ফাউণ্ডেচনৰ সভানেত্ৰী জেফৰিন হাজৰিকাই ৷ প্ৰীতি সন্মিলনত আলমি হাজৰিকা, সুৰুয মণি হাজৰিকা আৰু ৰেণুকা বসুমতাৰীৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে ৷ জোনাক হাজৰিকাৰ কথক নৃত্যৰ আধাৰত সৃষ্টিশীল নৃত্য, অনিকেত দাস আৰু আফ্ৰিন বেগমৰ সৃষ্টিশীল নৃত্য, কণমানি মধুৰপ্ৰীত হাজৰিকাৰ গীতাৰত বিষ্ণু ৰাভা সংগীতৰ সুৰ পৰিৱেশন , সম্প্ৰীতি চায়া হাজৰিকাৰ কী-ব’ৰ্ডত ড° ভূপেন হাজৰিকাৰ দিল হুম হুম কৰে গীতৰ মূৰ্চ্ছনা পৰিৱেশন, মাছুদ নিছাদৰ আধুনিক নৃত্য আৰু ময়ুৰম গগৈৰ ঢোল বাদন আৰু প্ৰতীক দাসৰ তাল বাদনে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷ উদ্যোক্তা অনুষ্ঠানৰ জয়া দাস, ধনিকা বৰুৱা, চন্দশিখা বৰুৱা, ৰশ্মি শইকীয়া, অনুৰাধা দাস, নিকিতা দাস, জেফ্ৰিন হাজৰিকা, মানসী ভট্টাচাৰ্য আৰু অৰ্চনা দাসে পৰিৱেশন কৰা সমবেত গীত আৰু দলীয় বিহু নৃত্যৰ লগতে মাম্পি দাসৰ সুমধুৰ সংগীতে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ অনুষ্ঠানৰ শেষত সম্পাদক অৰূপ ডেকাই প্ৰীতি সন্মিলনৰ সফল সামৰণিৰ বাবে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।অসম সংগীতেৰে প্ৰীতি সন্মিলনৰ সামৰণি পৰে৷
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান