ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত জনতা ভৱনৰ মন্ত্রীৰ সভাকক্ষত আজি অনুষ্ঠিত বিশেষজ্ঞ সমিতিৰ এক বৈঠকত নৃত্যানুষ্ঠানটিৰ নাম বাগৰুম্বা দ’হৌ হিচাপে নামকৰণৰ সিদ্ধান্ত লোৱা হয়।
এই সভাতে বিশেষজ্ঞ সমিতিয়ে নৃত্যানুষ্ঠানটিৰ বাবে প্ৰস্তুত কৰা সংগীতটিও (মিউজিক ট্ৰেক) অনুমোদন জনোৱাৰ লগতে নৃত্যানুষ্ঠানটি উপযুক্ত ধৰণে পৰিচালনাৰ বাবে কৰিঅ’ গ্ৰাফাৰ নিযুক্তি তথা জিলা সমূহত ওজা প্ৰশিক্ষক বাচনি কৰাৰ বাবেও বিশেষজ্ঞ সমিতিৰ ওপৰত সভাই দায়িত্ব অৰ্পণ কৰে।
বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কেবাটাও আগশাৰীৰ সংগঠন ক্ৰমে দুলাৰাই বড়ো হাৰিমু আফাদ,বড়ো সাহিত্য সভা,দুলাৰাই বাথৌ গৌথুম আদিৰ প্ৰতিনিধিৰ উপস্থিতিত সাংস্কৃতিক মন্ত্রী বড়াৰ লগতে সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাসৰ লগতে বিশেষজ্ঞ সমিতিয়ে সভাৰ আৰম্ভণিতে বাগৰুম্বা দ’হৌ’ৰ বাবে প্ৰস্তুত কৰা নৃত্যৰ নমুনা ভিডিঅ’ এটি দৰ্শন কৰে।
বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ আৰ্হিত বড়ো সকলে বৈসাগু উৎসৱৰ সময়ত পৰিৱেশন কৰা বাগৰুম্বা নৃত্যক ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ বাবে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰিবলৈ লোৱা এই বৃহৎ নৃত্যানুষ্ঠানটিৰ বাবে পুৰুষ আৰু মহিলা শিল্পী সকলৰ সাজপাৰ,আ-অলংকাৰ,লোক বাদ্য আদিৰ সন্দৰ্ভতো এই সভাতে বিশদভাৱে আলোচনা কৰা হয়।উল্লেখ্য যে অহা দু মাহৰ ভিতৰতে শিল্পী নিৰ্বাচন,ওজা প্ৰশিক্ষকৰ নিৰ্বাচন আৰু প্ৰশিক্ষণ, বিধান সভা ভিত্তিক প্ৰশিক্ষণ আদি সম্পন্ন কৰা হ’ব।