সৰ্প বান্ধৱক শুভেচ্ছাৰে ওপচালে অনুৰাগীয়ে

0 285

শোণিতপুৰ জিলাৰ তেজপুৰৰ প্ৰকৃতি প্ৰেমী অসম চৰকাৰৰ বটাঁ প্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন‍্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্পবান্ধৱ খ‍্যাত সৌৰভ বৰকটকীৰ ” Saurav Borkataki Sarpa Bandhab ” নামৰ পেজটোত ৫০,০০০ Followers হোৱাৰ বাবে “প্ৰকৃতি”ৰ সদস্যসকলে মনৰ আনন্দত সৌৰভ বৰকটকীক চিত্ৰলেখা উদ‍্যানত আমন্ত্ৰণ জনায় । প্ৰকৃতিৰ সদস‍্যসকলে বৰকটকীৰ হাতেৰে এটা কেক কাটি শুভক্ষণ উদযাপন কৰে আৰু চিত্ৰলেখা উদ্যানৰ ভিতৰতে এটা নাহৰ পুলি ৰোপণ কৰে । আনহাতে এটা পিঞ্জৰাবদ্ধ হৈ থকা ভাটৌ চৰাই সৌৰভ বৰকটকীৰ হাতত অৰ্পণ কৰাত বৰকটকীয়ে নিজ হাতেৰে মুক্ত আকাশত মুকলি কৰি দিয়ে ।সৌৰভ বৰকটকীয়ে কৰা এই কামক প্ৰকৃতিপ্ৰেমী সকলে প্ৰশংসাৰে উপচাই পেলায় । এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ প্ৰাক্তন পৌৰপতি তথা সমাজসেৱিকা প্ৰকৃতি প্ৰেমী পুষ্পা ডেকা , বিভিন্ন জীৱ – জন্তু আৰু প্ৰকৃতিৰ স্বাৰ্থৰ হকে কাম কৰা তেজপুৰ জেষ্ঠ নাগৰিকসকল । বিশেষকৈ সাগৰ বসু নামৰ এটা কণমানিয়ে “Saurav Borkataki Sarpa Bandhab ” নামৰ পেজটোত সজাগতা মূলক ভিডিঅ’ সমূহ চাই , ঘৰত উৰি আহি পৰা ভাটৌটো সৌৰভ বৰকটকীৰ হাতত দিম বুলি দেউতাকৰ দ্বাৰা ফোন কৰাই আৰু আজি এই ভাটৌটো চিত্ৰলেখা উদ্যানত উৰুৱাই দিয়া হয় ।

বাতৰি যুগুতালে তেজপুৰৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.