দিল্লী চৰকাৰৰ শিক্ষা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত যোৱা ৩ জানুৱাৰীৰ পৰা নতুন দিল্লীৰ থায়াগৰাজ ক্ৰীড়া প্রকল্প চৌহদত অনুষ্ঠিত সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতা ২০২৪-২৫ ৰ আজি সন্ধিয়া সামৰণি পৰে । প্ৰতিযগিতাত মহিলাৰ মুকলি একক শাখাত অসমৰ চুজেন বুঢ়াগোহাঁইয়ে সোণৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ ৪৫ বছৰ ঊৰ্ধৰ ডাবলছ শাখাত বিষ্ণু ডেকা আৰু প্ৰাঞ্জল পাংগিঙে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমলৈ ২টা পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা সাতজনীয়া পুৰুষ – মহিলা দলটোৰ খেলুৱৈ সকল আছিল ক্ৰমে – অসম সচিবালয়ৰ পতিত পবন দত্ত আৰু বিষ্ণু ডেকা, চিৰাং জিলাৰ ৰেচম বিভাগৰ ৰঞ্জিত গগৈ , উত্তৰ লক্ষীমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাঞ্জল পাংগিং , চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ জ্যোতিৰ্ময় শৰ্মা , শিলচৰৰ তৃতীয় এন চি চি বেটেলিয়ানৰ চুজেন বুঢ়াগোহাঁই আৰু ডিব্ৰুগড়ৰ দশম অসম এন চি চি বেটেলিয়ানৰ মাইনী বৰুৱা ।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ