১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত হৈ যোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ আন্ত:বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । কুমিটে শাখাত জোনমণি দাসে – ৬৮ কেজিৰ শাখাত ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী পৰ্যায়ত বেংগালোৰত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াতো তেওঁ অংশগ্ৰহণ কৰিব । ২০২২ বৰ্ষত বেংগালোৰৰ জৈন বিশ্ববিদ্যালয়ত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত গুৱাহাটী কমাৰ্চ কলেজৰ চান্দনী জৈনয়েও নিৰ্বাচিত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপ জ্যোতি সন্দিকৈ , পঞ্জীয়ক ডক্টৰ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰঞ্জন কুমাৰ কাকতিয়ে দুয়োগৰাকী বিজেতাক অভিনন্দনৰ লগতে ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন