হিমাচল ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব তিনিখন অসমৰ তথ্যচিত্ৰ।অসমৰ এটা আগশাৰীৰ তথ্যচিত্ৰ নিৰ্মাতা প্ৰতিষ্ঠান S S Deka media & entertainment Pvt Ltd ৰ বেনাৰত নিৰ্মিত তিনিখন তথ্যচিত্ৰ Where is my home, 42′ ৰ ল’ৰালি, New year in eashan bharat হিমাচলৰ মন্দিত হিমাচল ইন্টানেছনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব ।সমীৰণ ডেকা আৰু ভাস্কৰ জ্যোতি দাসে পৰিচালনা কৰা where is my home তথ্যচিত্ৰ খনৰ দৈৰ্ঘ্য ৭০ মিনিট।১৯৯৭ চনত মিজোৰামত গোষ্ঠীগত সংঘৰ্ষৰ ফলত প্ৰায় ৰিয়াং জনগোষ্ঠীৰ ৩৮ হাজাৰ লোকে ত্ৰিপুৰাত প্ৰায় ৬টা অস্থায়ী শৰণাৰ্থী কেম্পত দুৰ্ববিহ জীৱন কতাবলগীয়া। এই পটভূমিত নিৰ্মাণ তথ্যচিত্ৰখনিৰ চিত্ৰগ্ৰহন চিদা বৰা আৰু সৰ্পিল নন্দন ডেকাই দেৱজিৎ গায়নে ছাউণ্ড ডিজাইন আৰু সংগীত মানস দাসৰ, মুখ্য কাৰিকৰী সম্পাদনা দিগন্ত বৰাৰ।উল্লেখ্য যে এই তথ্যচিত্ৰখন চুইজাৰলেণ্ডৰ vision du reelৰ মাৰ্কেট শিতানত মনোনীত হোৱাৰ লগতে ফিলিপাইনৰ বাগোনা ফেষ্টিভেল, নেপালৰ SLFF, কেৰেলাৰ IFFF আদিৰ লগতে বিভিন্ন চলচিত্ৰ মহৎসৱত প্ৰদৰ্শিত হৈ দৰ্শকৰ ভূয়সী প্ৰশংসা বুতলিব সক্ষম হয়। ১৯৪২ ৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা কেইগৰাকীমান বিশিষ্ট সংগ্ৰামীৰ অভিজ্ঞতা আৰু সোঁৱৰণীৰে নিৰ্মিত প্ৰযোজনা আৰু পৰিচালনা সমীৰণ ডেকাৰ। Centre for North East study য়ে সহ প্ৰযোজনা কৰা এই তথ্যচিত্ৰখনৰ চিত্ৰ গ্ৰহণ চিদা বৰা আৰু সৰ্পিল নন্দন ডেকাই।শব্দ চয়ন বলেন পাঠক আৰু সংগীত পৰিচালনা মানস দাসৰ। মুখ্য সহযোগী পৰিচালক chang mung phukan aru কাৰিকৰী সম্পাদনা ৰূপাংকৰ দাস। ৪২ মিনিটৰ দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনি International Folklore Film Festival,SILIGURI SHORT & DOCUMENTARY FILM FESTIVAL, Madurai International Documentary and Short Film Festival ত প্ৰদৰ্শিত হৈ দৰ্শকৰ মন জয় কৰিবলে সক্ষম হয়। New year in Eashan Bharat , এই ছবি খনত ভাৰতৰ উৎযাপিত বসন্তকলীন উৎসব কিছুমানৰ এটি চমু আলোকপাট কৰা হৈছে। ভাৰতৰ আন আন ঠাইত পালন কৰা বসন্তকালিন উৎসৱ সমূহৰ লগত উত্তৰ পূব ভাৰতৰ উৎসৱ সমূহৰ সাদৃশ্যৰ চমু আলোচনা কৰা হৈছে। সমীৰণ ডেকাৰ প্ৰযোজনা আৰু গুঞ্জন শৰ্মাৰ পৰিচালনাত ৰূপাংকৰ দাসে সম্পাদনা কৰা এই ছবিখনত চিত্ৰ গ্ৰহণ কৰিছে চিদা বৰা, সৰ্পিল নন্দন ডেকা আৰু গুঞ্জন শৰ্মা আৰু শব্দ গ্ৰহন কৰিছে অলকেশ বুজৰ বৰুৱাই। এই তথ্যচিত্ৰখন Chalachitram National Film Festival (Second Best Film), National Student film Festival Mumbai (Best Documentary),মাল্ডোভাৰ SIFF, বাংলাদেশৰ ঢাকাত IIUSFF প্ৰদৰ্শিত হৈ দৰ্শকৰ অনুপ্ৰেৰণা লাভ কৰে। অসমৰ এই তথ্যচিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৰ তিনিখন তথ্যচিত্ৰ একেটা ফিল্ম ফেষ্টিভেলত অন্তৰ্ভুক্তি হোৱাটো আমাৰ বাবে গৌৰবৰ কথা।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ