হিমাচল ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব তিনিখন অসমৰ তথ্যচিত্ৰ।অসমৰ এটা আগশাৰীৰ তথ্যচিত্ৰ নিৰ্মাতা প্ৰতিষ্ঠান S S Deka media & entertainment Pvt Ltd ৰ বেনাৰত নিৰ্মিত তিনিখন তথ্যচিত্ৰ Where is my home, 42′ ৰ ল’ৰালি, New year in eashan bharat হিমাচলৰ মন্দিত হিমাচল ইন্টানেছনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব ।সমীৰণ ডেকা আৰু ভাস্কৰ জ্যোতি দাসে পৰিচালনা কৰা where is my home তথ্যচিত্ৰ খনৰ দৈৰ্ঘ্য ৭০ মিনিট।১৯৯৭ চনত মিজোৰামত গোষ্ঠীগত সংঘৰ্ষৰ ফলত প্ৰায় ৰিয়াং জনগোষ্ঠীৰ ৩৮ হাজাৰ লোকে ত্ৰিপুৰাত প্ৰায় ৬টা অস্থায়ী শৰণাৰ্থী কেম্পত দুৰ্ববিহ জীৱন কতাবলগীয়া। এই পটভূমিত নিৰ্মাণ তথ্যচিত্ৰখনিৰ চিত্ৰগ্ৰহন চিদা বৰা আৰু সৰ্পিল নন্দন ডেকাই দেৱজিৎ গায়নে ছাউণ্ড ডিজাইন আৰু সংগীত মানস দাসৰ, মুখ্য কাৰিকৰী সম্পাদনা দিগন্ত বৰাৰ।উল্লেখ্য যে এই তথ্যচিত্ৰখন চুইজাৰলেণ্ডৰ vision du reelৰ মাৰ্কেট শিতানত মনোনীত হোৱাৰ লগতে ফিলিপাইনৰ বাগোনা ফেষ্টিভেল, নেপালৰ SLFF, কেৰেলাৰ IFFF আদিৰ লগতে বিভিন্ন চলচিত্ৰ মহৎসৱত প্ৰদৰ্শিত হৈ দৰ্শকৰ ভূয়সী প্ৰশংসা বুতলিব সক্ষম হয়। ১৯৪২ ৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা কেইগৰাকীমান বিশিষ্ট সংগ্ৰামীৰ অভিজ্ঞতা আৰু সোঁৱৰণীৰে নিৰ্মিত প্ৰযোজনা আৰু পৰিচালনা সমীৰণ ডেকাৰ। Centre for North East study য়ে সহ প্ৰযোজনা কৰা এই তথ্যচিত্ৰখনৰ চিত্ৰ গ্ৰহণ চিদা বৰা আৰু সৰ্পিল নন্দন ডেকাই।শব্দ চয়ন বলেন পাঠক আৰু সংগীত পৰিচালনা মানস দাসৰ। মুখ্য সহযোগী পৰিচালক chang mung phukan aru কাৰিকৰী সম্পাদনা ৰূপাংকৰ দাস। ৪২ মিনিটৰ দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনি International Folklore Film Festival,SILIGURI SHORT & DOCUMENTARY FILM FESTIVAL, Madurai International Documentary and Short Film Festival ত প্ৰদৰ্শিত হৈ দৰ্শকৰ মন জয় কৰিবলে সক্ষম হয়। New year in Eashan Bharat , এই ছবি খনত ভাৰতৰ উৎযাপিত বসন্তকলীন উৎসব কিছুমানৰ এটি চমু আলোকপাট কৰা হৈছে। ভাৰতৰ আন আন ঠাইত পালন কৰা বসন্তকালিন উৎসৱ সমূহৰ লগত উত্তৰ পূব ভাৰতৰ উৎসৱ সমূহৰ সাদৃশ্যৰ চমু আলোচনা কৰা হৈছে। সমীৰণ ডেকাৰ প্ৰযোজনা আৰু গুঞ্জন শৰ্মাৰ পৰিচালনাত ৰূপাংকৰ দাসে সম্পাদনা কৰা এই ছবিখনত চিত্ৰ গ্ৰহণ কৰিছে চিদা বৰা, সৰ্পিল নন্দন ডেকা আৰু গুঞ্জন শৰ্মা আৰু শব্দ গ্ৰহন কৰিছে অলকেশ বুজৰ বৰুৱাই। এই তথ্যচিত্ৰখন Chalachitram National Film Festival (Second Best Film), National Student film Festival Mumbai (Best Documentary),মাল্ডোভাৰ SIFF, বাংলাদেশৰ ঢাকাত IIUSFF প্ৰদৰ্শিত হৈ দৰ্শকৰ অনুপ্ৰেৰণা লাভ কৰে। অসমৰ এই তথ্যচিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৰ তিনিখন তথ্যচিত্ৰ একেটা ফিল্ম ফেষ্টিভেলত অন্তৰ্ভুক্তি হোৱাটো আমাৰ বাবে গৌৰবৰ কথা।
Trending
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা