হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰৰ নেতৃত্বত হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসহ ১৩ জনীয়া দলৰ অসম ভ্ৰমণ

0 59

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন অভিলাষী আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বিষয়ে ধাৰণা লোৱাৰ উদ্দেশ্য আজি হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী শ্ৰীৰোহিত ঠাকুৰৰ নেতৃত্বত হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসহ ১৩ জনীয়া দলে গুৱাহাটীত উপস্থিত হৈ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ সৈতে জনতা ভৱনৰ তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হয়। উক্ত বৈঠকত প্ৰথমে হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসকলে তেওঁলোকৰ বিভাগ সম্পৰ্কে এক বিস্তৃত বৰ্ণনা দাঙি ধৰে। তেওঁলোকে উল্লেখ কৰে যে বৰ্তমান পৰ্যন্ত হিমাচল প্ৰদেশত ১৫,১৫৬ খন বিদ্যালয়ত মুঠ ৭৫,৭,৭৭৪ জন ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰাৰ বিপৰীতে ৬৪,৭৫৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী নিয়োগ হৈ আছে। ইয়াৰ পিছতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিষয়াসকলে অসমৰ শিক্ষা বিভাগত ৰূপায়ণ হৈ থকা শিক্ষাসেতু এপ, শিক্ষক-শিক্ষয়িত্ৰীৰ অনলাইন বদলিকৰণ, আৰোহণ, গুণোৎসৱ, সমৰ্থ পোৰ্টেল, টেলি ক্লাছৰূমকে ধৰি চাহ বাগিচা এলেকাত শিক্ষাৰ মান উন্নীতকৰণৰ অৰ্থে নতুন বিদ্যালয় স্থাপন আদি চৰকাৰৰ দ্বাৰা শৈক্ষিক দিশত গ্ৰহণ কৰা বিভিন্ন উত্তম ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। মন কৰিবলগীয়া যে হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰয়োগ কৰা শিক্ষাসেতু এপ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়াক ভূয়সী প্ৰশংসা কৰে। এই এপৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বৰ তুলনাত অদৃশ্য ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ বাবদ ২০০ কোটি টকা বছৰি ৰাহি কৰা বুলি জানিব পাৰি বিভাগটোক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক তেওঁৰ বিভাগটোত লোৱা পদক্ষেপসমূহৰ বাবে প্ৰশংসা কৰি আগন্তুক দিনত হিমাচল প্ৰদেশ ভ্ৰমণৰ বাবে অনুৰোধ জনায়। শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰে উল্লেখ কৰে যে অসম আৰু হিমাচল প্ৰদেশৰ বহুক্ষেত্ৰত সামঞ্জস্য আছে। ৰাজ্যৰ চহকী ঐতিহ্যই তেওঁক সদায়ে আকৰ্ষিত কৰি আহিছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন শিক্ষানীতিৰ সুপ্ৰয়োগেৰে শিক্ষাক্ষেত্ৰৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা প্ৰশংসনীয়।
আজিৰ এই ভ্ৰমণ কালত হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰীগৰাকীক সংগ দিয়ে আশিস বুটেইল (মুখ্য সংসদীয় সচিব শিক্ষা বিভাগ হিমাচল প্ৰদেশ), ৰাকেশ কানোৱাৰ (সচিব, শিক্ষা বিভাগ হিমাচল প্ৰদেশ)ৰ লগতে হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.