ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত গুৰু-শিষ্য হস্তশিল্প প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে হীয়া হেৰিটেজ ৱৰ্ল্ডৰ শিপিনীসকলক সবলীকৰণ কৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অধীনত যুগ যুগ ধৰি চলি অহা গুৰু শিষ্য পৰম্পৰা অনুসৰণ কৰি গ্ৰাম্য আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ শিপিনীসকলক নিপুণ শিল্পীসকলৰ দ্বাৰা বিশেষ প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত হস্ততাঁত বোৱা, ডিজাইন উদ্ভাৱন, আৰু উদ্যোগীকৰণৰ বিকাশৰ দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কামৰূপ জিলাৰ বৰিহাট ভাল্লাত ১০ জানুৱাৰীৰ পৰা ১১ মাৰ্চলৈ মাহলৈ চলি থকা দুমহীয়া প্ৰশিক্ষণৰ শুভ উদ্ধোধন কৰে উন্নয়ন আয়ুক্ত হস্তশিল্প, গুৱাহাটীৰ জ্যেষ্ঠ সহকাৰী সঞ্চালক বালেশ্বৰ মিলিয়ে। উদ্বোধন কৰি মিলিয়ে প্ৰশিক্ষাৰ্থীসকলৰ প্ৰেৰণা মূলক বক্তব্য প্ৰদান কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে। মিতালী বৰুৱা বৰাৰ নেতৃত্বত কেইবাগৰাকীও সদস্যৰে গঠিত গোটত প্ৰায় ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই