অসম নগৰ প্ৰশাসনিক সেৱাৰ সদ্য নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

0 122

অসম গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বেতকুছিস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত সদ্য নিযুক্তিপ্ৰাপ্ত অসম নগৰ প্ৰশাসনিক সেৱাৰ প্ৰথমটো গোটৰ বিষয়াসকলৰ চাৰি সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ নগৰাঞ্চলৰ প্ৰশাসনিক ব্যৱস্থালৈ সংস্কাৰ অনাৰ লগতে পৌৰ প্ৰশাসনক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে পৌৰসভাৰ তিনিটা কেডাৰ ক্ৰমে অসম নগৰ প্ৰশাসনিক কেডাৰ, অসম নগৰ অভিযান্ত্ৰিক কেডাৰ আৰু অসম নগৰ বিত্তীয় কেডাৰ গঠন কৰা হৈছে। অসম লোকসেৱা আয়োগে অলপতে চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাধ্যমেৰে অসম নগৰ প্ৰশাসনিক সেৱাৰ অধীনত ৯৭ গৰাকী বিষয়া বাছনি কৰিছে আৰু তেওঁলোকক ৰাজ্যৰ বিভিন্ন পৌৰ নিকায়ত কাৰ্যবাহী বিষয়াৰূপে নিযুক্তি প্ৰদান কৰা হ’ব।

নৱনিযুক্ত বিষয়াসকললৈ অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এক স্বচ্ছ আৰু নিকা বাছনি পৰীক্ষাৰ মাজেৰে সম্পূৰ্ণ মেধাৰ ভিত্তিত এই সেৱালৈ নিৰ্বাচিত বিষয়াসকলৰ সমাজৰ প্ৰতি অত্যন্ত গধুৰ দায়িত্ব আছে। অসম নগৰ প্ৰশাসনিক সেৱা প্ৰৱৰ্তনৰ পাছত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰা এই বিষয়াসকলক অত্যন্ত ভাগ্যৱান বুলি অভিহিত কৰি তেওঁ কয় যে প্ৰথমটো গোটৰ বিষয়া হিচাপে তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বানৰ সমানে সমানে সম্ভাৱনাৰ দুৱাৰো খোলা থাকিব। নগৰ অঞ্চলৰ ৰাইজৰ প্ৰতিটো সৰু-বৰ সমস্যা সমাধানৰ বাবে নাগৰিকসকলৰ সৈতে জন-অংশীদাৰিত্বৰ মাধ্যমেৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়াই তেওঁ কয় যে অধিকাৰ আৰু কৰ্তব্য উভয়ৰে প্ৰতি সুবিচাৰ কৰি আগবাঢ়িলেহে কৰ্মজীৱনত সাফল্য লাভ কৰিব পৰা যাব। মন্ত্ৰী সিংহলে কয় যে ভাৰতবৰ্ষই স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰাৰ সময়ত দেশৰ ৫০শতাংশ নাগৰিকেই নগৰাঞ্চলৰ বাসিন্দা হৈ পৰিব। সেয়েহে পৰৱৰ্তী ২৫ বছৰৰ এই অমৃত কালত নগৰ অঞ্চলৰ ৰাইজৰ বাবে কাম কৰিবলৈ পোৱাটো অত্যন্ত ডাঙৰ সুযোগ বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে কৰ্মস্থলীত একাংশ অসৎ লোকে নানা প্ৰলোভনেৰে তেওঁলোকক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিব, কিন্তু সেইবোৰৰ প্ৰতি লালায়িত নহৈ নিজৰ পদবীৰ লগতে নিজৰ প্ৰতি সৎ হবলৈ তেওঁ নৱনিযুক্ত বিষয়াসকলক আহ্বান জনায়। তেওঁ কয় যে কয়লাৰ খনিত সোমালেও আমি গাত কলা দাগ লাগিবলৈ নিদিয়াকৈ কাম কৰিব লাগিব। কৰ্মস্থলীত কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াকৈ সম্পূৰ্ণ সততা আৰু দায়বদ্ধতাৰে ৰাইজলৈ সেৱা আগবঢ়াই নৱনিযুক্ত বিষয়াসকলে নিজৰ লগতে চৰকাৰখনৰ নিকা ভাবমূৰ্তি অটুট ৰাখিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰ ৰাম খাউণ্ড, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, পৌৰ প্ৰশাসন সঞ্চালক টংকেশ্বৰ দাস আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য প্ৰফেচাৰ এছ পি সিঙৰ লগতে বিভাগীয় জ্যেষ্ঠ বিষয়াসকল তথা নৱনিযুক্ত বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.