পৰ্যটন প্ৰসাৰত সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক আলোচনা চক্র সম্পন্ন

0 331


পৰ্যটন প্ৰসাৰৰ বাবে যুৱ ক্লাব সমূহে পদক্ষেপ গ্ৰহণ কৰিব লাগে।যুৱ ক্লাব সমূহে গ্ৰহণ কৰা কাৰ্য্যকলাপ সমূহ সময়ে সময়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰাটো অত্যন্ত জৰুৰী।এই মন্তব্য গুজৰাট পাৰুল বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তা প্ৰবাহন পূজাৰীৰ।প্ৰাগজ্যোতিষ মহাবিদ্যালয় টুৰিজিম মেনেজমেণ্টে আয়োজন কৰা পৰ্যটন উদ্যোগ প্ৰসাৰত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি সহকাৰী প্ৰবক্তা গৰাকীয়ে এই মন্তব্য কৰে।এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এন ই ফ’কাচ ডট কম আৰু নৰ্থ ইষ্ট টুৰিজিম কনক্লেভৰ আয়োজক সংগীতা শইকীয়াই কয় যে এই ক্ষেত্ৰত পৰম্পৰাগত সংবাদ মাধ্যম আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে পৰ্যটন প্ৰসাৰ কৰিব পাৰি।পৰ্যটনৰ প্ৰতি আগ্ৰহী পৰ্যটনৰ ছাত্ৰ সমাজক চ’চিয়েল মেডিয়াৰ ইনফ্ললেজ্ঞাৰ লগত জৰিত হৈ দ্বৈতভাৱে কাম কৰিব পৰা মঞ্চৰ বিষয়ে অৱগত কৰে। লগতে কয় যে এন ই ফ’কাচ ডট কমে পূৰ্বৰে পৰা বিভিন্ন পৰ্যটনৰ সম্ভাৱনীয়তাৰ ঠাইৰ বিষয়ে প্ৰচাৰ কৰি আহিছে।আন এগৰাকী সমল ব্যক্তি নৰ্থ ইষ্ট লাইভ চেনেলৰ নিউজৰ এডিটৰ নবাৰুণ গোস্বামীয়ে পৰ্যটনৰ সম্ভাৱনীয়তা আৰু সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কত বক্তব্য প্ৰদান কৰে।এই অনুষ্ঠানতেই যোৱা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট টুৰিজিম কনক্লেভত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক এন ই ফ’কাচৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড° চম্পা চৌধাৰী আৰু আই কিউ এ চিৰ সম্বয়ক ড° নমিতা দাস, টুৰিজিম মেনেজমেণ্ট বিভাগৰ মুৰব্বী বৰ্ণালী মহন্ত লগতে পৰ্যটনৰ ৩ গৰাকী প্ৰবক্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.