ৰাজ্যখনৰ অন্যতম বাণিজ্যিক মফচলীয়া চহৰ জখলাবন্ধাত কালি HealthDNA দ্বিতীয়টো চেণ্টাৰ মুকলি হয় । উজনি আৰু নামনি অসমৰ মধ্যত অৱস্থিত জখলাবন্ধাত কালি আৰম্ভ কৰা চেণ্টাৰটোত দেশৰ অন্যতম জনপ্ৰিয় চিকিৎসা প্ৰতিষ্ঠান নাৰায়ণা ছুপাৰস্পিছিয়েলটিয়ে অংশ লয় ।প্ৰায় শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা এই কেম্পত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰে ।চেণ্টাৰ মুকলিৰ অংশস্বৰূপে কেন্দ্ৰটোৰ তত্বাবধায়ক নাৰী ঐক্যমঞ্চ আৰু HealthDNA কৰ্তৃপক্ষই এই বিনামূলীয়া স্বাস্থ্যশিবিৰ অনুষ্ঠিত কৰে ।এই চেণ্টাৰৰ যোগেদি নিজৰ ঠাইতে থাকিয়ে বিশ্বৰ যিকোনো প্ৰান্তৰ চিকিৎসকে সেৱা লাভ কৰিব পৰিব ৷উল্লেখযোগ্য যে তেজপুৰ,বোকাখাত,নগাঁও আদি এক বৃহৎ অঞ্চলক সামৰি লোৱা এই কেন্দ্ৰত সৰ্বাধিক ৰেহাই মূল্যত সমগ্ৰ শৰীৰ পৰীক্ষাৰ ব্যৱস্থা আছে ।অনুুুষ্ঠানটোত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে HealthDNA আৰু নাৰী ঐক্য মঞ্চৰ এই প্ৰচেষ্টাৰ শলাগ লয় ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন