স্বভাষা আৰু সংস্কৃতিৰ প্ৰতি প্ৰত্যেকজন ব্যক্তিৰে টান থাকে।কিন্তু সময়ৰ সোঁতত সকলো ভাষা, সংস্কৃতিলৈ পৰিবৰ্তন আহিছে।এই পৰিবৰ্তনৰ সোঁতত একেবাৰে নিছিন্ন প্ৰায় হোৱা কথিত ভাষাৰ পুনৰ উদ্ধাৰৰ বাবে প্ৰয়াস কৰিছে অৰুণাচলৰ এজন ব্যক্তিয়ে।জানিব পৰা মতে অৰুণাচল চাংলাং জিলাৰ নিউতান গাঁৱৰ বাংলুং নামৰ ব্যক্তিজনে মোচাং ৱাংলুং ভাষাটো লিখিত ৰূপ দিয়াৰ কাম আৰম্ভ কৰিছে।সেই সম্প্ৰদায়টোৰ পঢ়ি থকা স্নাতক ছাত্ৰ ছাত্ৰীক তাংচা লিপি শিকোৱাৰ কামত ব্যস্ত হৈ পৰিছে।প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তাংচা সম্প্ৰদায়ৰ লিপি গঢ়ি তোলাৰ কাম ১৯০০ চনতে আৰম্ভ হৈছিল।লাখুম মোচাং নামৰ ব্যক্তিজনে প্ৰথমে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছিল।কিন্তু ২০২০ চনত তেখেতৰ আকস্মিক বিয়োগ হোৱাত কিছুদিন বন্ধ থকা পাছত মোচাং ৱালুয়ে অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে তাংচা লিপিত ৪৮ টা স্বৰবৰ্ণ আৰু ৩১ টা ব্যঞ্জন বৰ্ণ আছে। চুবুৰী ৰাজ্য খনত গঢ়ি উঠা এই বিপ্লৱকামী পৰিৱেশে নিশ্চয়কৈ ইতিবাচক বতৰা কঢ়িয়াইছে।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ