হয়তো অচিৰে মুকলি হ’ব চিনেমা হল

0 228

ভয়াবহভাৱে বৃদ্ধি পোৱা ক’ৰণাক প্ৰতিহত কৰিবলৈ সমগ্ৰ দেশতে লকডাউন জাৰি কৰা হৈছে ৷ বৰ্তমান ঠাইবিশেষে আনলক প্ৰক্ৰিয়া চলি আছে৷ কিন্তু কিছুসংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান খুলিলেও বন্ধ হৈ আছে চিনেমা হল সমূহ ৷
 
 
 
যাৰ ফলস্বৰূপে দেশৰ ছবিজগতৰ বজাৰখনে বহু লোকচানৰ সন্মুখীন হ’ব লগা হৈছে ৷ অলপতে কেন্দ্ৰীয় প্ৰচাৰ আৰু তথ্য মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ক অনুৰোধ জনাইছে যে ছবিগৃহসমূহ খোলা বিষয়ৰ সন্দৰ্ভত বিবেচনা কৰিব লাগে ৷ পত্ৰখনত উল্লেখ কৰা অনুসৰি অহা আগষ্ট মাহৰ পৰা ছবিগৃহসমূহ খোলাৰ বাবে আবেদন জনাইছে ৷
 
 
অৱশ্যে এই ক্ষেত্ৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অমিত খাৰে ১ ৰ পৰা ৩১ আগষ্টলৈকে দেশৰ চিনেমা হল সমূহ খোলাৰ বাবে সচিব অজয় ভাল্লাৰ স’তে আলোচনাত মিলিত হৈছে বুলি জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত অজয় ভাল্লাই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

Leave A Reply

Your email address will not be published.