অহা ১২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা।অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা চলিত বৰ্ষৰ পৰীক্ষাত সংসদে বিশেষ নিয়মাৱলী প্ৰণয়ন কৰিছে।এইবাৰ পৰীক্ষাত মুঠ ২,৩৪,৭৮৬ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হ’ব।ৰাজ্যৰ মুঠ ৭৭২ টা কেন্দ্রত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা কেন্দ্র সমূহত সংসদে ম’বাইল ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।তাৰোপৰি পৰীক্ষা কেন্দ্রত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।পৰীক্ষাৰ্থীৰ লগতে নিৰীক্ষকেও ম’বাইল ফোন নিব নোৱাৰিব পৰীক্ষা কেন্দ্রলৈ।অন্যথা নিৰীক্ষককো নিলম্বন কৰাৰ সকীয়নি দিছে শিক্ষা সংসদে।আনহাতে সংসদে ইতিমধ্যে ২১-২৫ টা কেন্দ্র অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে আৰু এই পৰীক্ষা কেন্দ্র সমূহত জামাৰ সংস্থাপন কৰা হ’ব।ইয়াৰোপৰি পৰীক্ষা কেন্দ্র সমূহত চি চি টিভি কেমেৰা সংস্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে।যদি কোনো পৰীক্ষা কেন্দ্রই কেমেৰা সংস্থাপন কৰিব নোৱাৰে তেন্তে শিক্ষা সংসদে নিজাকৈ কেমেৰা সংস্থাপন কৰিব বুলি জানিবলৈ দিছে।ইয়াৰ লগতে পৰীক্ষা কেন্দ্রৰ ৫০ মিটাৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰা হ’ব।অসৎ পন্থা অৱলম্বন কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে সংসদে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে শিক্ষা সংসদে।উল্লেখ্য উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অহা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈকে চলিব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন