জামুগুৰিহাটত এটা পেঁপাক লৈ এতিয়া ৰাইজৰ মাজত কৌতুহল বৃদ্ধি পাইছে ৷ ১৩০ বছৰীয়া এই পেঁপাটো এবাৰ চুই চাবলৈ এতিয়া সকলো ঢাপলি মেলে জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰৰ সোন বৰুৱা নামৰ ৮৭ বছৰীয়া বৃদ্ধ গৰাকীৰ ঘৰলৈ ৷ বয়সে হাৰ নমনা এই গৰাকী বৃদ্ধই এতিয়াও ভাগৰ নলগাকৈ সুন্দৰকৈ বজাব পাৰে পেঁপা, বাঁহী ৷ ব’হাগ আহিলেই নষ্টালজিক হৈ পৰা এইগৰাকী ককাই পিতৃৰ পৰা লাভ কৰা এই পেপাটো সযতনে বাকচৰ পৰা উলিয়াই সুৰৰ মূৰ্চনা তোলে ৷ মৃত্যুৰ পাচত এই পেপা নাতিনীক সংৰক্ষৰ বাবে দি থৈ যাব বুলিও মন্তব্য কৰে ককা সোন বৰুৱাই ৷ অঞ্চলটোৰ বহুজনক ককাই বাঁহী-পেঁপা বজাবলৈ প্ৰশিক্ষন দিয়াৰ লগতে আন বহুজনক বিহুৰ সময়ত ককাই পেঁপা বাঁহী তৈয়াৰ কৰাৰ শিক্ষা প্ৰদানো কৰি আহিছে ৷ এটা সময়ত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন বিহু পথাৰত পেপা বজায় পেপুৱা হিচাপে বিখ্যাত হৈ পৰা সোন বৰুৱাক চৰকাৰৰ পৰা শিল্পী সাহাৰ্য্য প্ৰদানৰো দাজামুগুৰিহাটত এটা পেঁপাক লৈ এতিয়া ৰাইজৰ মাজত কৌতুহল বৃদ্ধি পাইছে ৷ ১৩০ বছৰীয়া এই পেঁপাটো এবাৰ চুই চাবলৈ এতিয়া সকলো ঢাপলি মেলে জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰৰ সোন বৰুৱা নামৰ ৮৭ বছৰীয়া বৃদ্ধ গৰাকীৰ ঘৰলৈ ৷ বয়সে হাৰ নমনা এই গৰাকী বৃদ্ধই এতিয়াও ভাগৰ নলগাকৈ সুন্দৰকৈ বজাব পাৰে পেঁপা, বাঁহী ৷ ব’হাগ আহিলেই নষ্টালজিক হৈ পৰা এইগৰাকী ককাই পিতৃৰ পৰা লাভ কৰা এই পেপাটো সযতনে বাকচৰ পৰা উলিয়াই সুৰৰ মূৰ্চনা তোলে ৷ মৃত্যুৰ পাচত এই পেপা নাতিনীক সংৰক্ষণৰ বাবে দি থৈ যাব বুলিও মন্তব্য কৰে ককা সোন বৰুৱাই ৷ অঞ্চলটোৰ বহুজনক ককাই বাঁহী-পেঁপা বজাবলৈ প্ৰশিক্ষন দিয়াৰ লগতে আন বহুজনক বিহুৰ সময়ত ককাই পেঁপা বাঁহী তৈয়াৰ কৰাৰ শিক্ষা প্ৰদানো কৰি আহিছে ৷ এটা সময়ত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন বিহু পথাৰত পেপা বজায় পেপুৱা হিচাপে বিখ্যাত হৈ পৰা সোন বৰুৱাক চৰকাৰৰ পৰা শিল্পী সাহাৰ্য্য প্ৰদানৰো দাবী কৰিছে স্থানীয় ৰাইজে ৷
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন