১৩ নং অসম আৰক্ষীৰ বেটেলিয়ানৰ অধিনায়ক বুদ্ধিন্দ্ৰ নাথ মৰাংক সম্বৰ্ধনা

0 748

ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশনা অনুসৰি লখিমপুৰ জিলা সদৰৰ লীলাবাৰীত অৱস্থিত ১৩ নং অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক বুদ্ধিন্দ্ৰ নাথ মৰাংক গুৱাহাটীৰ পুলিচ আয়ুক্ত জিলালৈ বদলি কৰা হৈছে। বিগত প্ৰায় ২ বছৰ ৮ মাহ ধৰি  বেটেলিয়ানটোৰ অভিভাকত্বৰে  সফল নেতৃত্ব প্ৰদান কৰি  এক নতুন মাত্ৰা দি  সুশৃংখলিত বেটেলিয়ান হিচাবে গঢ়ি তুলিবলৈ সক্ষম হোৱা  অধিনায়ক মৰাংৰ কৰ্মক্ষেত্ৰ বদলিৰ  নিৰ্দেশনা অহাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বেটেলিয়ানটোত অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা সভা ।বেটেলিয়ানটোৰ কুচ কাৱাজ গৃহত দুপৰীয়া ১১ বজাত অনুষ্ঠিত  সম্বৰ্ধনা সভাত  টু আই চি ৰাহুল প্ৰতীম দাস , সহ অধিনায়ক প্ৰতুল ভঁৰালী , আৰ আই বিনয় খুঙ্গুৰ  বসুমতাৰী , পৰিদর্শকবৰ্গ ক্ৰমে নিপন দিহিঙীয়া , কুলেন্দ্ৰ লাহন ,উদয় নৰহ , শোণিত শইকীয়া, নগেন শইকীয়া , বেটেলিয়ানটোৰ চিকিৎসক ডাঃ অনুভৱ ভঁৰালী আদিৰ লগতে গৰিষ্ঠ সংখ্যক জোৱান আৰু  নতুন প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে। সম্বৰ্ধনা সভাত বদলি হোৱা অধিনায়ক মৰাংৰ  সফল আৰু সবল নেতৃত্বৰ সন্দৰ্ভত বহু কেইগৰাকী  আৰক্ষী বিষয়াই স্মৃতি ৰোমন্থন কৰি বক্তব্য  ৰাখে ।   গাম্ভীৰ্যপূৰ্ণ সভাত বেটেলিয়ান পৰিয়ালৰ শৰাই , ফুলাম গামোচা  আৰু অন্যান্য মৰম, আবেগ সনা  উপহাৰ সম্ভাৰেৰে সমৃদ্ধ হৈ অধিনায়ক মৰাংয়ে  চমু অভিজ্ঞতালব্ধ  বক্তব্য ৰাখে । অনাগত সময়ত সফল কৰ্ম জীৱনৰ লগতে সু স্বাস্থ্য কামনা কৰি বেটেলিয়ান পৰিয়ালে  নতুন কৰ্মথলীৰ প্ৰতি অধিনায়ক মৰাংক অভিনন্দন জনাই। উল্লেখ্য যে এই বেটেলিয়ানটোত গৃহ বিভাগে ফকৰুল ইছলামক  নতুন অধিনায়ক বিচাবে নিযুক্তি দিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.