কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ( চি আৰ পি এফ ) পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বি এন চি আৰ পি এফে জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে ৰাণীৰ অসম – মেঘালয় সীমান্তৰ মনোমোহা বনভোজথলী হিচাপে পৰিচিত কপিলীত বনভোজ খাবলৈ অহা বা অৱসৰ বিনোদন কৰিবলৈ অহা লোক সকলৰ বাবে দুটাকৈ জিৰণি চ`ৰা নিৰ্মাণ কৰিছে । আজি জিৰণি চ`ৰা দুটা সকলোৰে ব্যৱহাৰৰ বাবে মুকলি কৰে ১৭৫ বি এন চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই । এই উপলক্ষে স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত চমু অনুষ্ঠানত কমাণ্ডেণ্ট শৰ্মাই জিৰণি চ`ৰা নিৰ্মাণৰ ওপৰত আলোকপাত কৰি আগন্তক দিনতো বাহিনীটোৰ ফালৰ পৰা ৰাইজলৈ সহায়ৰ হাত আগবঢ়োৱা হব বুলি ব্যক্ত কৰে । অনুষ্ঠানত ডেপুটি কমাণ্ডেণ্ট আব্দুল ৰহিম , জ্যেষ্ঠ চিকিৎসাৰ বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ , ছুবেদাৰ মেজৰ অজিত কুমাৰকে ধৰি ১৭৫ বি এন চি আৰ পি এফৰ কেবাজনো বিষয়া , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , স্থানীয় গাওঁবুঢ়া ৰবি স্বৰ্গীয়াৰী , আৰচুৰ ৰাণী আঞ্চলিকৰ সাধাৰণ সম্পাদক জিতেন ৰাভা , ষষ্ঠ অনুসূচিত দাবী সমিতিৰ কৰ্মকর্তা বাবুল ৰাভা , সাংবাদিক ধৰ্মেন্দ্ৰ দাসকে ধৰি অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক , বন বিভাগৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ ডেপুটী ৰেঞ্জাৰ চৈয়দ খলিলুৰ ৰহমান , ৰাণী উন্নয়ন খণ্ডৰ সহায়ক আজিজা চাবেদুৰ বেগম উপস্থিত থাকে।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO