২০টা ষ্টেচনক আইচ’লেচন ৱাৰ্ডলৈ উন্নীতকৰণ

0 273

দেশৰ আন ৰাজ্যৰ লগতে অসম তথা উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ পৰিসৰত থকা ৰাজ্য কেইখনত ক’ভিড১৯ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰ সমূহক সহযোগিতাৰ হাত আগবঢ়াইছে ৰে’লৱে কৰ্তৃপক্ষই। উল্লেখযোগ্য যে উত্তৰ পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ইয়াৰ পৰিসৰত থকা ২০টা গুৰুত্বপূৰ্ণ ষ্টেচনত থকা সৰ্বমুঠ ৩১৫টা ৰে’লৰ ডবা আইচ’লেছন ৱাৰ্ডলৈ উন্নীত কৰি ক’ভিড১৯ৰ চিকিৎসাৰ বাবে সাজু কৰি তুলিছে।
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ্ৰই জানিবলৈ দিয়া মতে আইচ’লেছন ৱাৰ্ডলৈ উন্নীত কৰা ষ্টেচন কেইটা হ’ল ক্ৰমে- গুৱাহাটী, কামাখ্যা, লামডিং, নিউ বঙাইগাও, বদৰপুৰ, ডিব্ৰুগড়, নিউ তিনিচুকীয়া, ৰঙাপাৰা, ৰঙিয়া, শিলচৰ, মৰিয়নী, মুৰ্কংচেলেক, আগৰতলা, আলিপুৰ দুৱাৰ, আম্বাচা, নিউ জলপাইগুৰি , নিউ আলিপুৰ দুৱাৰ, কাটিহাৰ আৰু শিলিগুৰি।
ইতিমধ্যে ৰাজ্য চৰকাৰ সমূহে যেতিয়াই বিচাৰে তেতিয়াই ক’ভিড১৯ ৰ চিকিৎসাৰ বাবে সহযোগিতা আগবঢ়াব ৰে’লৱে কৰ্তৃপক্ষই। মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে সদৰী কৰা অনুসৰি সমগ্ৰ দেশতে ক’ভিড১৯ৰ চিকিৎসাৰ বাবে ২১৫টা ৰে’লৱে ষ্টেচন সাজু কৰি তোলা হৈছে।

Leave A Reply

Your email address will not be published.